NORTHEAST NOW (Assamese)
অসম

‘কেব’ সমৰ্থকৰ লগত থাকি ইয়াৰ বিৰোধিতা কৰাটোহে আচল বাহাদুৰিৰ কথা : পৰমানন্দ

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা December 8, 2019 12:36 pm

‘কেব’ বাতিলৰ প্ৰতিবাদত জ্বলিছে সমগ্ৰ অসম। ৰাজ্যজুৰি প্ৰতিবাদ, বিক্ষোভ। ইয়াৰ মাজতে অসম সাহিত্য সভাৰ ভূমিকাক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰাৰ সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে, “পূৰ্বৰ কাৰ্যনিৰ্বাহত কেবৰ বিৰুদ্ধে সিদ্ধান্ত লোৱা হৈছে। আমি আমাৰ সিদ্ধান্তত অটল। অসম সাহিত্য সভা জাতীয় সংসদ-অসমীয়া জাতি ভাষাৰ জটিল সন্ধিক্ষণত সাহিত্য সভা সদায় ৰাইজৰ কাষত।”

তাৰোপৰি সভাপতি গৰাকীয়ে কয় যে অসমত অধিষ্ঠিত কংগ্ৰেছ, এজিপি বা বিজেপিয়েই হওক কোনো এখন চৰকাৰে সাহিত্য সভাক প্ৰভাৱিত কৰিব পৰা নাই আৰু নোৱাৰে।

শেষত সভাপতি গৰাকীয়ে ‘কেব’ সমৰ্থককাৰীৰ লগত থাকি CAB ৰ বিৰোধিতা কৰাটো আচল বাহাদুৰি বুলি উল্লেখ কৰি কয় আমি সেইটো কৰি আছো।

অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে কামৰূপৰ হালোগাঁৱৰ এক অনুষ্ঠানত উপস্থিত হৈ নিজৰ এই স্থিতি স্পষ্ট কৰে।

উল্লেখযোগ্য যে নাগৰিকত্ব বিধেয়কক লৈ চৰ্চা-প্ৰতিবাদৰ মাজতে অলপতে অসম সাহিত্য সভা আৰু বাঙালী সংগঠনৰ নেতা সুকুমাৰ বিশ্বাসে সম্বোধন কৰিছে যুটীয়া সংবাদমেল।

বিধেয়কৰ বিৰোধী সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু বিধেয়ক সমৰ্থক বিশ্বাসৰ এই যুটীয়া সংবাদমেলৰ পিছতে সাধাৰণ ৰাইজৰ মাইজত অসম সাহিত্য সভাৰ স্থিতিক লৈ বহু উত্থাপন হৈছিল।