NORTHEAST NOW (Assamese)
অসম

১২ ডিচেম্বৰত দিচপুৰ চলো কাৰ্যসূচীৰে দিচপুৰ অচল কৰি দিয়া হ’ব : পলাশ চাংমাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 8, 2019 2:53 pm

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলনৰ ঘোষণা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। নৰ্থ ইষ্ট নাওৰ আগত এই কথা ঘোষণা কৰিছে চাংমাইয়ে।

অহা৯ ডিচেম্বৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু ১০ ডিচেম্বৰত নেছ’ই আহ্বান জনোৱা উত্তৰ-পূব বন্ধৰ প্ৰতি সমৰ্থন জনাইছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। লগতে উক্ত দিন দুটাত ৰাজপথলৈ ওলাই আহি ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদী সমদল বাহিৰ কৰিব।

৯ আৰু ১০ ডিচেম্বৰৰ দিন দুটা অসমৰ জাতীয় জীৱনৰ বাবে অতন্ত্য ক’লা দিন বুলি উল্লেখ কৰি পলাশ চাংমাই এই দুটা দিনত ৰাজপথলৈ ওলাই আহিবলৈ অসমবাসীক আহ্বান জনাইছে।

অসমৰ শাসকীয় সাংসদ সকলে জাতিধ্বংসী কেবৰ বিৰুদ্ধে কোনো মাত নমতাৰ প্ৰতিবাদত অহা ১১ ডিচেম্বৰত ৰাজ্যজুৰি সাংসদ সকলৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰিব ।

দিচপুৰ আজি দিল্লীৰ বহতীয়া হ’ল বুলি উল্লেখ কৰি চাংমাই কয়, “অহা ১২ ডিচেম্বৰত দিচপুৰ চলো কাৰ্যসূচীৰে দিচপুৰ অচল কৰি দিয়া হ’ব আৰু সমূহ জনসাধৰণক এই দিচপুৰ চলো কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।”

সকলো দল-সংগঠনক একত্ৰিত হৈ ‘কেব’ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান চাংমাইৰ। উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ ইতিমধ্যে ছাত্ৰ সংগঠনটো সাজু বুলিও চাংমাইয়ে উল্লেখ কৰে।