NORTHEAST NOW (Assamese)
অসম

১০ ডিচেম্বৰৰ উত্তৰ-পূব বন্ধলৈ সমৰ্থন; সকলো কৰ্মচাৰীক “কেব”ৰ বিৰোধিতা কৰিবলৈ আহ্বান কৰ্মচাৰী পৰিষদৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 8, 2019 5:07 pm
Karmachari Parishad

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী হিচাপে নেছ’ই আহ্বান জনোৱা ১০ ডিচেম্বৰৰ উত্তৰ-পূব বন্ধ কাৰ্য্যসূচীলৈ সমৰ্থন আগ বঢ়াইছে সদৌ অসম কৰ্মচাৰী পৰিষদে।

ইয়াৰ পৰিপ্ৰেক্ষিতত উক্ত দিনটোৰ বাবে ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্য্যালয় আৰু বিভাগবোৰত কাম-কাজ স্তব্ধ হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে।

নেছ’ই আহ্বান দিয়া বন্ধৰ কাৰ্য্যসূচী অনুসৰি উক্ত দিনা পুৱা ৫ৰ পৰা বিয়লি ৪ বজালৈকে মুঠ ১১ ঘণ্টাৰ বাবে অসমকে ধৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যত বন্ধ পালন কৰা হ’ব।

অৱশ্যে নাগালেণ্ডত হৰ্নবিল ফেষ্টিভেলৰ বাবে এই বন্ধ সীমিত ৰূপত পালন কৰা হ’ব।

৭ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে এটা প্ৰেছ বিজ্ঞপ্তি যোগে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত লোৱা নেছ’ৰ কাৰ্য্যসূচীলৈ নৈতিক সমৰ্থন জনোৱা বুলি অৱগত কৰে।

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অহা ১০ ডিচেম্বৰ, ২০১৯ তাৰিখে পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ আহ্বান কৰা ১১ ঘণ্টীয়া উত্তৰ পূৰ্বাঞ্চল বন্ধৰ প্ৰতি সদৌ অসম কৰ্মচাৰী পৰিষদে নৈতিক সমৰ্থন আগ বঢ়াইছে”, বিবৃতিটোত কোৱা হয়।

তাৰোপৰি, বিবৃতিটোৰ জৰিয়তে পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতা আৰু সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমেদে নাগৰিকত্ব সংশোধনী বিধেয়খনৰ বিৰোধিতা কৰিবলৈ ৰাজ্যখনৰ সকলো শ্ৰমিক, কৰ্মচাৰী, শিক্ষক, বিষয়ালৈ আহ্বান জনাইছে।

পৰিষদৰ নিজা পেডত ছপা কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটো সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধানৰ দ্বাৰা স্বাক্ষৰিত।