NORTHEAST NOW (Assamese)
অসম

১৫ ডিচেম্বৰত গুৱাহাটীলৈ প্ৰধান মন্ত্ৰী মোদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 8, 2019 8:49 pm
Indo-Japan summit: Modi aims to seek more Japanese investment for Northeast

১৫ ডিচেম্বৰত ইণ্ড’-জাপান বাৰ্ষিক বৈঠকৰ বাবে গুৱাহাটীত উপস্থিত হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বাতৰিত প্ৰকাশ

একেদিনাই জাপানী প্ৰধান মন্ত্ৰী শ্বিনজ’ আবেও গুৱাহাটীলৈ অহাৰ কথা।

১৪সংখ্যক ইণ্ড’-জাপান চামিট হ’ব প্ৰধান মন্ত্ৰী পৰ্য্যায়ত গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন বৈঠক।

বৈঠকৰ চৰকাৰী সূচী প্ৰকাশ পোৱা নাই যদিও বাতৰিমতে, দুয়ো প্ৰধান মন্ত্ৰীয়ে গুৱাহাটীত এটা হেৰিটেজ বাংলো পৰিদৰ্শন কৰাৰ লগতে ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ কৰিব।

তিনিদিনীয়া ভাৰত ভ্ৰমণ কাৰ্য্যসূচীৰে আহিব লগা জাপানী প্ৰধান মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পিছতে ইম্ফালৰ ইণ্ডিয়া পীচ মেমৰিয়েল পৰিদৰ্শন কৰাৰ কথা।

সংগ্ৰহালয়টো নিপ্পন ফাউণ্ডেচনৰ অৰ্থসাহায্যৰে দ্বিতীয় বিশ্বযুদ্ধত প্ৰাণ হেৰুওৱা জাপানী আৰু নেতাজী সুভাষ বসুৰ আজাদ হিন্দ ফৌজৰ সৈনিকৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল।

ইম্ফাল আৰু কহিমা দ্বিতীয় বিশ্বযুদ্ধৰ কিছু অতি ৰক্তক্ষয়ী যুঁজৰ সাক্ষী আছিল– ১৯৪৪ চনৰ মাৰ্চৰ পৰা জুনলৈ ৭০ হাজাৰ জাপানী সৈন্যই প্ৰাণ হেৰুৱাইছিল।

গুৱাহাটীৰ বৈঠকত দুয়ো নেতাৰ মাজত বিনিয়োগ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় চৰকাৰৰ বিষয়া এগৰাকীয়ে নৰ্থইষ্ট নাওক জনোৱামতে মোদীয়ে জাপানৰ প্ৰধান মন্ত্ৰী শ্বিনজ’ আবেক আপ্যায়নৰ বাবে গুৱাহাটীক বাচি লোৱাৰ লক্ষ্য হৈছে উত্তৰ-পূবত অধিক জাপানী বিনিয়োগ আদায় কৰা।

বিষয়াগৰাকীয়ে জনোৱামতে, প্ৰধান মন্ত্ৰী আবেক অঞ্চলটোত ইতিমধ্যে চলি থকা প্ৰায় এক ডজন জাপানী প্ৰকল্পৰ অগ্ৰগতি দেখুওৱা হ’ব।

“কিন্তু মূলতঃ আন্তঃগাঁথনি খণ্ডৰ বাবে নতুন প্ৰকল্পৰ এখন তালিকা যুগুত কৰা হৈছে আৰু এইক্ষেত্ৰত জাপানী বিনিয়োগ বিচৰা হ’ব পাৰে,” ড’নাৰ মন্ত্ৰ্যালয়ৰ বিষয়াগৰাকীয়ে জনায়।

জাইকা (Japan International Cooperation Agency) অধীনত দক্ষিণ মধ্য আৰু উত্তৰ গুৱাহাটীত দুটা বৃ্হৎ পানী যোগান প্ৰকল্পৰ নিৰ্মাণ চলি আছে।