NORTHEAST NOW (Assamese)
অসম

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা; ১২ ফেব্ৰুৱাৰিৰ পৰা পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 9, 2019 5:52 pm
HS Final Exam 2020

২০২০ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ১২ ফেব্ৰুৱাৰিত আৰম্ভ হ’ব। আজি পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে পৰীক্ষাৰ সূচী ঘোষণা কৰে।

১২ ফেব্ৰুৱাৰি, ২০২০-ত ইংৰাজী বিষয়েৰে অৰম্ভ হোৱা পৰীক্ষা গাৰ্হস্থ্য বিজ্ঞানেৰে অন্ত পৰিব ১৪ মাৰ্চ, ২০২০-ত।

ব্যৱহাৰিক (প্ৰেক্টিকেল) পৰীক্ষাবোৰ অনুষ্ঠিত হ’ব ১৮ৰ পৰা ৩০ জানুৱাৰি, ২০২০ তাৰিখৰ ভিতৰত।

HS Final Exam
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২০-ৰ সম্পূৰ্ণ সূচীখন।

যোৱা বছৰৰ দৰে এইবছৰো উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কিছু আগতীয়াকৈ অনুষ্ঠিত কৰাৰ সূচী লৈছে শিক্ষা সংসদে। আনকি পৰীক্ষাৰ আৰম্ভণি আৰু সামৰণিৰ তাৰিখো চনটোক বাদ দি যোৱাবাৰৰ সৈতে একে। যোৱাবাৰো পৰীক্ষাটো ১২ ফেব্ৰুৱাৰিত আৰম্ভ হৈছিল ইংৰাজী পৰীক্ষাৰে আৰু ১৪ মাৰ্চত জৈৱ প্ৰযুক্তি/ইতিহাস/ইক’নমিক জিঅ’গ্ৰাফী/সংগীতেৰে সামৰণি পৰিছিল।

ইতিপূৰ্বে ছেবায়ো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী ঘোষণা কৰিছিল। অহা ১০ ফেব্ৰুৱাৰিৰ পৰা ২৯ ফেব্ৰুৱাৰিলৈকে অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

গতিকে প্ৰায় ২০ দিন ধৰি দুয়োটা পৰীক্ষা সমান্তৰালভাৱে চলি থাকিব।