NORTHEAST NOW (Assamese)
অসম

কেব : শিৱসাগৰত বিজেপি বিধায়ক আৰু জিলা সভানেত্ৰীৰ ঘৰৰ সন্মুখত প্ৰতিবাদ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 9, 2019 6:47 pm

কেবৰ প্ৰতিবাদত আজি শিৱসাগৰত থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰী আৰু বিজেপিৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুমাৰীৰ ঘৰৰ সন্মুখত ঐক্য সেনা অসম আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।

বিধেয়ক বাতিলৰ দাবীত ঐক্য সেনা অসমে বিধায়ক কুশল দুৱৰীৰ এ টি ৰোডৰ এন আৰ এল পেট্ৰল পাম্পৰ সমীপত থকা বাসগৃহ ঘেৰাও কৰিবলৈ আহে যদিও বিধায়কৰ ঘৰৰ সন্মুখত ৰৈ থকা আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াত সেই স্থানতেই সংগঠনটোৰ সদস্যসকলে বিজেপি চৰকাৰৰ তীব্ৰ প্ৰতিবাদ জনায়।

আনহাতে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদেও বিজেপিৰ জিলা সভানেত্ৰী সুৰভি ৰাজকুমাৰীৰ লক্ষ্মী নগৰৰ সমীপত থকা বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কেবৰ বিৰোধিতা কৰে।

ইয়াৰ পাছতে সংগঠনটোৱে দ’লমুখ চাৰিআলিত বিজেৰি চৰকাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰাৰ প্ৰতিবাদত  কলা পতকা প্ৰদৰ্শন কৰি প্ৰতিবাদ জনায়।