NORTHEAST NOW (Assamese)
অসম

বিক্ষোভৰ কেন্দ্ৰত পৰিণত ৰাজধানী, অসমজুৰি ’৮০ৰ পিছতে সৰ্ব শক্তিশালী প্ৰতিবাদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 10, 2019 4:59 pm
CAB effect: Assam witnesses strong protests, Guwahati epicentre

গৃহ মন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব বিধেয়কক লৈ উত্তৰ-পূবক লগত লোৱা হৈছে বুলি মন্তব্য কৰিলেও, অস্বীকাৰ কৰাৰ উপায় নাই, মঙলবাৰৰ দিনটোত অসম বিদেশী বিতাড়ন আন্দোলনৰ পিছতে যোৱা ৪০ বছৰৰ ভিতৰত আটাইতকৈ শক্তিশালী প্ৰতিবাদৰ সাক্ষী হৈছে।

অসম আন্দোলনৰ “চহিদ স্মৃতি”ৰ তাৎপৰ্য্যপূৰ্ণ দিনটোত ৰাজধানী গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যজুৰি বিয়পি পৰা বৃহৎ শক্তিশালী প্ৰতিবাদৰ মুখত ৰাজ্য সভাত কেব দাখিলৰ কথা কাৰ্য্যতঃ গৌণ হৈ পৰিছে।

নেছ’ আহ্বায়িত “অসম বন্ধ”ৰ মাজতে ৰাজধানী দিচপুৰ এলেকা প্ৰতিবাদৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে। টি ভি পৰ্দাত প্ৰচাৰিত গুৱাহাটীৰ প্ৰতিবাদৰ ছবিয়ে ৰাজ্যজুৰি এক “গণ বিক্ষোভ”ৰ বাৰ্তা প্ৰেৰণ কৰিছে।

বাতৰি লিখি থকাৰ সময়ত ৰাজধানী দিচপুৰ এলেকাৰ ডাউন টাউনত আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ কৰিছে।

গুৱাহাটীৰ কেইবাটাও ঠাইত আৰক্ষীৰ লাঠীচালনাত বহুকেইজন প্ৰতিবাদকাৰী আহত হৈছে।

প্ৰতিবাদকাৰীৰ মাজৰ পৰা আৰক্ষীলৈ “শিলগুটি নিক্ষেপ” কৰাৰ ঘটনা সংঘটিত হৈছে।

ৰাজ্যজুৰি জাৰি থকা ভাৰতীয় দণ্ড বিধিৰ ১৪৪ ধাৰাৰ বাধা নিষেধ প্ৰতিবাদকাৰীয়ে ওফৰাই দিছে।

এই বাতৰি লিখি থকাৰ সময়ত দিচপুৰ এলেকাত সমবেত হোৱা এক বৃহৎ সমাগমক আৰক্ষী বিষয়াই বেআইনী ঘোষণা কৰিছে।

হাজাৰ হাজাৰ লোক ৰাজধানী গুৱাহাটীৰ বিভিন্ন স্থানত বিধেয়কৰ বিৰুদ্ধে ওলাই আহিছে।

খোদ ৰাজধানী দিচপুৰ এলেকাৰ ডাউন টাউন, ছয়মাইল, কালাপাহাৰ, আদাবাৰী আদি বিভিন্ন স্থানত আৰক্ষীয়ে লাঠী চাৰ্জ কৰিছে।

গুৱাহাটী আৰক্ষীৰ আয়ুক্ত, উপ আয়ুক্ত পৰ্য্যায়ৰ বিষয়াকে ধৰি সমগ্ৰ বাহিনী প্ৰতিবাদ নিয়ন্ত্ৰণত নামিব লগা হৈছে।

প্ৰশাসনিক কেন্দ্ৰ জনতা ভৱনত মঙলবাৰৰ দিনটোত কোনো মন্ত্ৰী-বিধায়ক উপস্থিত হোৱা নাই।

গুৱাহাটীৰ বৰাগাঁৱত “শ্বহীদ দিৱস” কাৰ্য্যসূচীৰ বাবে যোৱা মুখ্য মন্ত্ৰী সোণোৱালৰ কনভয়ে সচৰাচৰ ব্যৱহৃত মূল যাত্ৰাপথ এৰাই চলিব লগা হৈছে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ কনভয় খোদ গুৱাহাটীৰ ভঙাগড় ফ্লাইঅ’ভাৰত বিপৰীত দিশৰ পৰা আহি থকাৰ জনসমদলৰ হাত সাৰিবলৈ উভটি পলাব লগা হৈছে।

কনভয়টো পিছমুৱা হোৱাৰ ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা দেখুৱাই প্ৰতিবাদ কৰা হৈছে। শাসক অগপ মন্ত্ৰী অতুল বৰাৰ কনভয়ো প্ৰতিবাদকাৰীৰ ৰোষত পৰিছে।

বিজেপি সাংসদ কুইন ওজাৰ বাসগৃহত প্ৰতিবাদকাৰীৰ এটা দলে গে’ট থেলি প্ৰৱেশ কৰা চেষ্টা কৰিছে।

দেখা গৈছে অসমৰ বিদেশী বিতাড়নৰ বিশেষ ইতিহাসৰ সৈতে সম্পৰ্কিত কেবৰ বিষয়টোৱে অসমৰ প্ৰতিবাদকাৰীসকলক ভীষণভাৱে আৱেগিক আৰু ক্ষুব্ধ কৰি তুলিছে।

“লোক সভা, ৰাজ্য সভা য’ত কেব গৃহীত হয় হৈ থাকক। আমি কেব নামানো। ভাৰতে মানে মানি থাকক…” অসম আন্দোলন “অসমেহে কৰিছিল” বুলি যুক্তি দাঙি ধৰি এগৰাকী মহিলাই স্থানীয় টি ভি চেনেলক কোৱা দেখা গৈছে।

গুৱাহাটীৰ বাহিৰেও অসমৰ বিভিন্ন ঠাইত হতাহতিৰ ঘটনা ঘটিছে। ৰাজ্যজুৰি সৰ্বাত্মক ৰূপত বন্ধ পালিত হৈছে।