NORTHEAST NOW (Assamese)
অসম

বিশ্ব বিখ্যাত স্প’ৰ্টছ ব্ৰেণ্ড পিউমাৰ সৈতে চুক্তিবদ্ধ হ’ল সুনীল চেত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 11, 2019 9:50 am
Sunil-Chhetri-

ভাৰতীয় ফুটবল দলৰ অধিনায়ক তথা ছিকিমৰ গৌৰৱ সুনীল চেত্ৰীয়ে অহা তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছে বিশ্ব বিখ্যাত স্প’ৰ্টছ ব্ৰেণ্ড পিউমাৰ সৈতে। ফুটবলাৰ গৰাকীয়ে মঙলবাৰে এই চুক্তি কৰে।

চুক্তিৰ পিছতেই চেত্ৰীয়ে কয়, ‘পিউমা পৰিয়ালৰ সৈতে জড়িত হ’ব পাই মই সুখী’।

পিউমাৰ সৈতে চুক্তিবদ্ধ তাৰকাৰ তালিকাত চেত্ৰী ফ্ৰান্সৰ গ্ৰীজমেন, বেলজিয়ামৰ ৰ’মেলু লুকাকু, উৰুগুৱেৰ ছুৱাৰেজ, আৰ্জেণ্টিনাৰ এগুৱেৰোৰ দৰে বিশ্ববিখ্যাত ফুটবলাৰৰ শাৰীত অন্তৰ্ভুক্ত হ’ল।

আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ নোলোৱা ফুটবলাৰৰ ভিতৰত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পিছতে দ্বিতীয় সৰ্বাধিক গ’ল প্ৰদান কৰা খেলুৱৈ হৈছে সুনীল চেত্ৰী।

উল্লেখ্য যে ভাৰতৰ হৈ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় মেচত অংশ লোৱা আৰু সৰ্বাধিক গ’ল প্ৰদান কৰা তালিকাতো চেত্ৰীৰ নামেই আছে।

অৰ্জুন আৰু পদ্মশ্ৰী বঁটা প্ৰাপক তথা ভাৰতীয় ফুটবলৰ আটাইতকৈ সফলতম অধিনায়ক সুনীল চেত্ৰীয়ে ছবাৰৰ বাবে AIFF প্লেয়াৰ অব দা ইয়েৰ লাভ কৰি থৈছে।

চেত্ৰীৰ পূৰ্বে পিউমাৰ সৈতে বিৰাট কোহলী, এম চি মেৰীকম, দ্যুতি চান্দ, গুৰপ্ৰীত সিং সান্ধু, ধীৰাজ সিং মৈৰাংথে, নিছু কুমাৰ আৰু ৰাহুল ভেকে চুক্তিবদ্ধ হৈছিল।