NORTHEAST NOW (Assamese)
অসম

ভট্টদেৱ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি; উপাচাৰ্যৰ বাহনত লিখিলে “বদন’ আৰু “No CAB’

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ December 11, 2019 5:48 pm
IMG_20191211_162258

সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পাঠশালাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ “বদন’ক শিশুপাল খেদা দিলে ছাত্ৰ সমাজে l

যি সময়ত কটন, গুৱাহাটী, ডিব্ৰুগড় আদি বিশ্ববিদ্যালয়ৰ সকলোৱে কেব’ৰ বিৰোধিতা কৰিছে, তেনে সময়তে আজি পুৱাৰে পৰা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও কেব বিৰোধী সমদল উলিয়ায়।

সেই সময়তে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য ড০ বিৰিঞ্চি কুমাৰ দাসে “বদন’ৰ ভূমিকা লৈ নিজৰ ভাষণত কেবৰ সপক্ষে মত দিয়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীয়ে তেওঁক গ’ বেক ধ্বনি দি শিশুপাল খেদা দিয়ে l

ততালিকে ক্ষুদ্ধ ছাত্ৰ সমাজে উপাচাৰ্য্য গৰাকীৰ বাহনত “বদন’ লিখি গোটেই গাড়ী খনত no cab লিখি  দিয়ে l

ইয়াৰ পাছতে উপাচাৰ্য্য গৰাকীয়ে নিজৰ স্থিতি স্পষ্ট নকৰা পৰ্যন্ত ছাত্ৰ সমাজে বিশ্ব বিদ্যালয়ৰ প্ৰৱেশ দুৱাৰত তলা ওলমাই দিয়ে l

উল্লেখযোগ্য যে এই গৰাকী “বদন’ উপাচাৰ্য্যই ভট্টদেৱ বিশ্ববিদ্যালয়ত যোগদান কৰাৰ দিন ধৰি মাথোঁ ধন সৰকোৱা কামহে কৰি আছে বুলি বিভিন্ন মহলত চৰ্চিত হৈছেl