NORTHEAST NOW (Assamese)
অসম

হাতীগাৱঁত গুলীচালনাত আন এজন প্ৰতিবাদকাৰী চহিদ; ৩জন গুৰুতৰভাৱে আহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2019 7:13 pm
CAB Protest

আজি উলুবাৰীত হোৱা গুলীচালনাৰ ঘটনাত “কেব”-বিৰোধী আন্দোলনৰ এজন প্ৰতিবাদকাৰী চহিদ হোৱাৰ খন্তেক পিছতে হাতীগাৱঁত সেনা-আৰক্ষীৰ গুলীচালনাত আন এজন প্ৰতিবাদকাৰী চহিদ হয়।

হাতীগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ শংকৰ পথত হোৱা গুলীচালনাত থিতাতে এজন লোকে মৃত্যুক সাৱটে।

ঘটনাটোত আন ৩জন প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহতো হৈছে।

“কেব”-বিৰোধী প্ৰতিবাদত অংশ লোৱা নিহত লোকজনৰ নাম এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে আজি গুৱাহাটীৰ কেইবা ঠাইতো প্ৰতিবাদকাৰীৰ ওপৰত লাঠী চালনা আৰু গুলীচালনা কৰে। সমগ্ৰ গুৱাহাটীৰ বাট-পথত প্ৰতিবাদকাৰীয়ে ভৰি পৰাত পৰিস্থিতি অসম আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়।

ঠায়ে ঠায়ে প্ৰতিবাদকাৰীয়ে হিংসাত্মক আচৰণ কৰাৰ অজুহাতত আৰক্ষী, সেনাই গুলীচালনা কৰাত মহানগৰত আজি দুজনকৈ লোক চহিদ হয়।

সন্ধিয়া প্ৰায় ৫ বজাত উলুবাৰীত এজন লোক গুলীচালনাত আঘাত প্ৰাপ্ত হয় আৰু পিছত তেওঁ জি এম চি এইচ্ছত মৃত্যুক সাৱটি লয়।

গণেশগুৰি, ছয়মাইল, ডাউন টাউন, খ্ৰীষ্টান বস্তিকে ধৰি মহানগৰৰ বিভিন্ন ঠাইত এতিয়াও অগ্নিগৰ্ভ পৰিস্থিতি অব্যাহত আছে।