NORTHEAST NOW (Assamese)
অসম

অসমীয়াৰ শাওপাত? অসমীয়াৰ ওপৰত “কেব”ৰ আঘাতৰ পিছতে মোদীৰ “পতন” গংগাঘাটত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 14, 2019 7:05 pm
PM Modi

সংবিধানৰ মৌলিক চৰিত্ৰত আঘাত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক উভয় সদনত গৃহীত কৰাৰ ৩ দিন পিছতে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ নিজৰ সমষ্টিতে গংগাঘাটত উজুটি খাই পৰে।

নদীখনত নৌকাবিহাৰৰ পিছত ঘাটৰ পৰা উঠি আহোঁতে এই অঘটনটো ঘটে। অৱশ্যে লগত থকা নিৰাপত্তাৰক্ষীয়ে কোনো আঘাত পোৱাৰ আগতেই মোদীক দাঙি উঠাবলৈ সক্ষম হয়।

মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথ, বিহাৰৰ উপ-মুখ্য মন্ত্ৰী সুশীল মোদী আৰু উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী টি এছ ৰাৱতৰ সৈতে গংগাত নৌকাবিহাৰ কৰিছিল।

আনহাতে মোদীৰ এই “পতন”ৰ পিছতে অসমৰ কিছু সংখ্যক ছ’চিয়েল মিডিয়া য়ুজাৰে ইয়াক অসমীয়াৰ অভিশাপৰ ফল হিচাপে প্ৰক্ষেপ কৰিছে।

অসমত সকলো খিলঞ্জীয়া লোকে বিধেয়কখন (বৰ্তমান আইন)ক অসমীয়া জাতিৰ বাবে ধ্বংসকাৰী আখ্যা দিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ অব্যাহত ৰাখিছে।

উল্লেখ কৰিব পাৰি যে আইনখন বিধেয়কৰ ৰূপত থাকোতেই অসম তথা উত্তৰ-পূবৰ জনগণে ইয়াক প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ তথা মোদীক নানা অনুনয়-বিনয় কৰিছিল।

মোদী নেতৃত্বাধীন প্ৰথমখন চৰকাৰে বিধেয়কখন লোকসভাত গৃহীত কৰিছিল যদিও ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা নথকাত গৃহীত কৰিব নোৱৰা বাবে আইনত পৰিণত কৰিব নোৱাৰিলে।

কিন্তু মোদীৰ দ্বিতীয়খন চৰকাৰে যোৱা ৯ আৰু ১১ ডিচেম্বৰত ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত ইয়াক গৃহীত কৰিবলৈ সক্ষম হয়।