NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত চহিদৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2019 3:48 pm
Protest Image

ৰাজ্যত তীব্ৰতৰ ৰূপত চলি থকা নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ চহিদৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে।

আৰক্ষীৰ গুলীত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ও হস্পিতালত চিকিৎসাধীন হৈ থকা আব্দুল আলীম নামৰ লোকজনৰ আজি মৃত্যু হয়।

নিহত লোকজনৰ ঘৰ গুৱাহাটী মহানগৰীৰ লালুংগাঁৱত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যোৱা ১২ ডিচেম্বৰত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আৰক্ষীৰ গুলীত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল আব্দুল আলীম। পিছত সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাত আব্দুল আলীমৰ পূৰ্বে পাঁচজনকৈ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’ব লগীয়া হৈছিল।