NORTHEAST NOW (Assamese)
Popular Stories

মাৰ্ঘেৰিটাত অব্যাহত আছে CAA বিৰোধী প্ৰতিবাদ; ৫জনক গ্ৰেপ্তাৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ December 15, 2019 9:09 pm
CAB Protest

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ আহ্বান ক্ৰমে আজি পুৱা ১০ বজাৰ পৰা লিডুৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪ হাজাৰৰো অধিক চি এ এ বিৰোধী ৰাইজে লিডুৰ ৰাষ্ট্ৰীয় ঘাইপথেদি সমদল কৰি লিডু ৰে’লৱে ৰঙ্গমঞ্চত এখন প্ৰতিবাদী সমদল অনুষ্ঠিত কৰে।

এই সভাত যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াৰ লগতে কেইবাজনো বক্তাই নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে বক্তব্য ৰখাৰ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে হুচাৰ হৈ পৰা পৰিলক্ষিত হয়।

লিডুৰ সমান্তৰালকৈ মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰত মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তৰ কেইবাশতাধিক লোকে আছুৰ আহ্বানত উলাই আহি চি এ এ আৰু বিজেপি চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি আকাশ বতাহ উত্তাল কৰি তোলে।

আনহাতে পুৱাৰ পৰা দিনাৰ ১২ বজালৈকে মাৰ্ঘেৰিটাৰ দোকান বজাৰ খোলাত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হোৱাৰ লগতে অসাধু ব্যৱসায়ীয়ে বন্ধৰ সুযোগ গ্ৰহণ কৰি সামগ্ৰীৰ অধিক মূল্য লোৱাৰ অভিযোগ উত্থাপন হৈছে।

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বিজেপি নেতৃত্বাধীন কেটেতং, ব্ৰহ্মাজান, ইনথেম তিনিখন গাঁও পঞ্চায়তৰ সভাপতিসহ ৱাৰ্ডমেম্বাৰ সকলে ৰাইজৰ দাবীত দল ত্যাগ কৰা বাতৰি পোৱা গৈছে।

এইকেইদিন অনুষ্ঠিত হৈ থকা বিভিন্ন প্ৰতিবাদী সমদল-সভাত বেংগলী, নেপালী লোকসকলৰ লগতে অন্যান্য সম্প্ৰদায়ৰ লোক সকলো স্বতঃস্ফুৰ্তভাৱে ওলাই আহে।

মাৰ্ঘেৰিটা আৰক্ষীয়ে এতিয়ালৈকে চি এ এৰ বিৰোধী প্ৰতিবাদত ৫ জনকৈ লোকক প্ৰেপ্তাৰ কৰিছে। ইয়াৰ প্ৰায় সংখ্যকেই কংগ্ৰেছকৰ্মী।