NORTHEAST NOW (Assamese)
Popular Stories

শিল্পীৰ প্ৰতিবাদৰ মাজতেই ৰাজ্য চৰকাৰৰ টোপ; ৫০,০০০ টকাকৈ দিব এককালীন সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 18, 2019 8:33 am
Barasa-Rani-Bishaya-

নাগৰিকত্ব সংশোধনী আইনক লৈ শিল্পী সমাজে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ সময়তে অসমৰ ২০০০ শিল্পী তথা কলা-কুশলীক ৫০ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেই মঙলবাৰে এই কথা জানিবলৈ দিয়ে। এই আঁচনি ৰূপায়ণৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে সাংস্কৃতিক বিভাগক নিৰ্দেশ দিয়া বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।

ৰাজ্য চৰকাৰে ‘শিল্পী সম্বৰ্ধনা’ আৰু ‘ভ্ৰাম্যমান থিয়েটাৰ শিল্পী আৰু কলা-কুশলী আঁচনি’ নামৰ দুখন আঁচনিৰ জৰিয়তে মুঠ ২ হাজাৰ শিল্পীক এই সাহায্য প্ৰদান কৰিব।

লোক-সংস্কৃতি চহকী কৰা ৰাজ্যৰ নাগাৰানাম, ওজাপালিৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ লোক শিল্পীসকলক ‘শিল্পী সম্বৰ্ধনা’ আঁচনিয়ে সামৰি ল’ব। আনহাতে দেশৰ ভিতৰতে ব্যতিক্ৰম তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম ধ্বজাবাহক ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলী সকলক সামৰি ল’ব ‘ভ্ৰাম্যমান থিয়েটাৰ শিল্পী আৰু ক’লা-কুশলী আঁচনি’য়ে।

উল্লেখ্য যে লোক-সংস্কৃতিক চহকী কৰা ৰাজ্যৰ ১,০০০ শিল্পী আৰু ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ ১,০০০ কলা-কুশলী মুঠ ২,০০০ গৰাকী ব্যক্তিক তেখেতসকলৰ উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনি হাতত লোৱা হৈছে বুলি মুখ্য মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে উল্লেখ কৰিছে।