NORTHEAST NOW (Assamese)
অসম

মই কি অনুভৱ কৰো সেয়া নিজৰ দেশত কোৱাৰ বাবে কাৰো অনুমতিৰ প্ৰয়োজন নাই : ইৰফান পাঠান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 18, 2019 7:31 pm
irfan pathan

‘‘ৰাজনৈতিক বোকা ছটিওৱাৰ খেল চলি আছে আৰু চলি থাকিব কিন্তু মই আৰু দেশৰ নাগৰিকে জামিয়া মলিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ সৈতে সংঘটিত ঘটনাক লৈ চিন্তিত হৈছো’’, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ইৰফান পাঠানৰ এটা টুইট।

প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ টুইটৰ পাছতে নাগৰিকত্ব (সংশোধনী) বিধেয়ক সমৰ্থক সকলে ছ’চিয়েল মিডিয়াত আক্ৰমণৰ লক্ষ্য কৰি লয় ইৰফান পাঠানক।

জামিয়াৰ প্ৰতিবাদকাৰী সকলৰ পক্ষ লোৱাৰ বাবেই ছ’চিয়েল মিডিয়াত এসময়ৰ ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ গৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত ইয়াৰ প্ৰত্যুত্তৰ দিছে খেলুৱৈ গৰাকীয়ে।

‘মই কি অনুভৱ কৰো সেয়া মোৰ দেশত কোৱাৰ বাবে কাৰো অনুমতি লোৱাৰ প্ৰয়োজন নায়’, ইৰফান পাঠানৰ উত্তৰ।

উল্লেখযোগ্য যে, নাগৰিকত্ব (সংশোধনী) আইন বাতিলৰ প্ৰতিবাদত উত্তাল হৈ পৰিছিল দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়।

আৰক্ষী আৰু শিক্ষাৰ্থী সকলৰ খণ্ড যুদ্ধত বহু কেইগৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰ গুৰুতৰভাৱে আহত হৈছিল।

এই ঘটনাৰ পাছতে শিক্ষানুষ্ঠানখনত সংঘটিত ঘটনাক লৈ চিন্তা ব্যক্ত কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে।

এসময়ত হাতত বল লৈ ভাৰতক বহু খেলত জয়ী কৰোৱা ইৰফান পাঠানে বৰ্তমান জম্মু-কাশ্মীৰ ৰঞ্জী ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি আছে।