NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত উকীল সন্থাৰ CAA বিৰুদ্ধে প্ৰতিবাদ; আছুৰ ‘নাৰী গৰ্জন’ কাৰ্য্যসূচী

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ December 20, 2019 6:22 pm
Protest

ৰাজ্যৰ চৌদিশে CAA বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাতো উকীল সন্থাই C(A)Aৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

মাৰ্ঘেৰিটাস্থিত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতৰ চৌহদত আজি মাৰ্ঘেৰিটা উকিল সন্থাই CAA বাতিলৰ দাবীত অৱস্থান ধৰ্মঘটৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে অৱস্থান ধৰ্মঘটস্থলীত উপস্থিত হোৱা মাৰ্ঘেৰিটা মহকুমাধিপতি দিবাকৰ নাথৰ হাতত প্ৰধান মন্ত্ৰীলৈ CAA বাতিলৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

আনহাতে, আজি সন্ধিয়া ৮ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ মাৰ্ঘেৰিটা মহকুমাত সান্ধ্য আইন বলৱৎ আছে বুলি মাৰ্ঘেৰিটা মহকুমাৰ কাৰ্যকাৰী দণ্ডাধীশ মাধুৰ্য্য বুঢ়াগোহাঁয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।

২১ ডিচেম্বৰত ৰাতিপুৱা ১০.৩০ বজাত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত CAA ৰ বিৰুদ্ধে ‘‘নাৰী গৰ্জন’’ শীৰ্ষক এক বৃহৎ প্ৰতিবাদী সভা আহ্বান কৰা হৈছে বুলি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাঃ সম্পাদক ৰুপম বৰুৱাই জানিবলৈ দিয়ে।

উক্ত অনুষ্ঠানত সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাৰ নাৰী সমাজৰ উপস্থিত হৈ নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব।

এই প্ৰতিবাদী কাৰ্য্যসূচীলৈ মাৰ্ঘেৰিটা মহকুমাৰ প্ৰতিটো মহিলা সমিতি, মহিলা গোঠ, আই-মাতৃ সমাজৰ অংশগ্ৰহণ কামনা কৰিছে আছুৱে।