NORTHEAST NOW (Assamese)
অসম

CAA-বিৰোধী আন্দোলনলৈ সমৰ্থন আগ বঢ়াবলৈ ২৮ ডিচেম্বৰত ৰাহুল গান্ধী অসমলৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 25, 2019 8:25 am
Rahul Promise

ৰাজ্যত তীব্ৰ ৰূপত চলি থকা CAA-বিৰোধী আন্দোলনক সমৰ্থন দিবলৈ অহা ২৮ ডিচেম্বৰত ৰাহুল গান্ধী অসমলৈ আহিব।

প্ৰদেশ কংগ্ৰেছ কমিটীৰ সূত্ৰই জানিবলৈ দিয়া মতে, কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেতাজনে ২৮ ডিচেম্বৰত দিনৰ ১১ বজাত খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এখন ৰাজহুৱা সভাত ভাগ ল’ব।

বৰ্তমান অসম ভ্ৰমণত থকা গোলাম নবী আজাদৰ পিছত এটা সপ্তাহৰ ভিতৰতে অসম ভ্ৰমণ কৰা গান্ধী কংগ্ৰেছৰ দ্বিতীয়জন কেন্দ্ৰীয় নেতা হ’ব।

অসমত যোৱা প্ৰায় এপষেক ধৰি চলি থকা নাগৰিকত্ব (সংশোধন) আইন বিৰোধী আন্দোলন বৰ্তমানেও শাম নাই কটা, বৰং দিনক দিনে তীব্ৰতৰ হৈ উঠিছে। চৰকাৰৰ না না ভাবুকি, প্ৰলোভনেও তীব্ৰতা হ্ৰাস কৰিব পৰা নাই আন্দোলনৰ।

ঘাইকৈ আছু আৰু শিল্পী সমাজৰ নেতৃত্বত চলি থকা এই গণ-আন্দোলনৰ প্ৰতি বিৰোধী দল কংগ্ৰেছৰ সঁহাৰি আৰু সহমৰ্মিতা প্ৰকাশ কৰা হ’ব ৰাহুল গান্ধীৰ সভাখনৰ পৰা, সূত্ৰটোৰ দাবী।

২৪ ডিচেম্বৰত দিচপুৰত এখন সংবাদমেল দি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে CAA-বিৰোধী আন্দোলনৰ চহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিছিল।

উল্লেখ কৰিব পাৰি যে ২৩ ডিচেম্বৰত ফল ঘোষিত ঝাৰখণ্ডৰ নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাৰ সৈতে জোঁট বান্ধি বিজেপিক শাসনৰ পৰা উচ্ছেদ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ। অসমতো ডেৰ বছৰৰ পিছত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।