NORTHEAST NOW (Assamese)
অসম

চামগুৰিত বিজেপিৰ “সুশাসন দিৱস” সভাত আছুৰ মুৰ্দাবাদ ধ্বনি; উত্তপ্ত পৰিস্থিতি

Posted by: বিদ্যুৎ জ্যোতি বৰা Updated by: বিদ্যুৎ জ্যোতি বৰা December 25, 2019 7:40 pm

নগাঁও জিলাৰ চামগুৰিৰ ভেলেউগুৰিত আজি ভাৰত ৰত্ন, প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্মদিনটি “সুশাসন দিৱস“ হিচাপে পালন কৰা দিনটোতে এফালে বিজেপি মুৰ্দাবাদ আনফালে বিজেপি জিন্দাবাদ ধ্বনিৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়।

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিধায়ক ৰিতুপৰ্ণ বৰুৱাৰ উপস্থিতিতে চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই জয় আই অসম ধ্বনিৰে এক সমদল যাত্ৰা কৰি আহি অনুষ্ঠানস্থলীত প্ৰৱেশ কৰে আৰু বিজেপি মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

পৰৱৰ্তী সময়ত বিজেপিৰ কৰ্মকৰ্তাসকলে বিজেপি জিন্দাবাদ ধ্বনি দিয়াত এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হোৱাৰ সময়তে সীমা সুৰক্ষা বাহিনীৰ জোৱানসহ চামগুৰি আৰক্ষী উক্ত স্থানত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পাছত ছাত্ৰ সন্থাৰ প্ৰতিবাদী সদস্যসকলে সেই স্থান ত্যাগ কৰাত ‘সুশাসন দিৱস’ৰ অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হয়।

ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত ভেলেউগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত আজি দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা সুশাসন দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে বিজেপিৰ বাজিয়া মণ্ডলৰ সভাপতি বিৰেন শইকীয়াই।

সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক ৰিতুপৰ্ণ বৰুৱাকে ধৰি বহু সংখ্যক বিজেপিৰ নেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে।