NORTHEAST NOW (Assamese)
অসম

কলাক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীলৈ “অভিনন্দন”, ১৫৪৬ গৰাকীক সাহায্য প্ৰদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 26, 2019 5:49 pm
Assam Govt launches Abhinandan scheme for students

অসম চৰকাৰে বৃহস্পতিবাৰে “অভিনন্দন” আঁচনিৰ আনুষ্ঠানিক মুকলি কৰিছে আৰু শিক্ষা ঋণ থকা ৰাজ্যৰ ১৫৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীক ইয়াৰ অধীনত এককালীন সাহায্য প্ৰদান কৰা হৈছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ উপস্থিতিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলক ৫০হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হৈছে।

আঁচনিখনৰ অধীনত পৰৱৰ্তী পৰ্য্যায়ত বাকী ছাত্ৰ-ছাত্ৰীক সাহায্য প্ৰদান কৰা হ’ব।

অনুষ্ঠানটোৰ পিছতে মন্ত্ৰী শৰ্মাই টুইটাৰত সদৰী কৰামতে, অনুষ্ঠানটোত সাহায্য গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল হৈছে এই আঁচনিৰ সুবিধা লোৱা “প্ৰথমটো বেটচ”।

শিক্ষা ঋণৰ পৰিমাণ ৬০ হাজাৰতকৈ কম হ’লে আঁচনিখনৰ জৰিয়তে তাৰ সম্পূৰ্ণ ধন অসম চৰকাৰে পৰিশোধ কৰিব।

“অসমত আগতে লোৱা শিক্ষা ল’নসমূহৰ হিতাধিকাৰীক (বেংকত) ৫০ হাজাৰকৈ টকা সুমুৱাই দিব চৰকাৰে। ৬০ হাজাৰ টকা বা তাৰ ওপৰত ঋণ লোৱাসকলৰ একাউন্টত ভৰাই দিব ৫০ হাজাৰকৈ টকা,” যোৱা চেপ্তেম্বৰত আঁচনিখন মুকলিৰ সময়ত শৰ্মাই কৈছিল।

অনুষ্ঠানটোত মুখ্য মন্ত্ৰীৰ ভাষণৰ বাবে তলৰ ভিডিঅ’টো চাওক।