NORTHEAST NOW (Assamese)
Popular Stories

পিয়াঁজ নিদিয়া বাবে হোটেলৰ কৰ্মচাৰীক গ্ৰাহকৰ আক্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 26, 2019 8:46 pm
Onion

কেৰালাৰ থিৰুৱানন্তপুৰমৰ এখন হোটেলত বুধবাৰে নিশা কেইগৰাকীমান গ্ৰাহকে হোটেলখনৰ কৰ্মীসকলক অতিৰিক্ত পিয়াঁজ দিবলৈ অস্বীকাৰ কৰাৰ বাবে আক্ৰমণ কৰে।

কেৰালাৰ ‘হোমলি মিলছ’ নামৰ হোটেলখনত ঘটনাটো সংঘটিত হয়।

হোটেলখনৰ স্বত্তাধিকাৰী গৰাকীয়ে জনোৱা মতে, কেইগৰাকীমান গ্ৰাহকে বুধবাৰে নিশা হোটেলখনলৈ আহাৰ গ্ৰহণৰ বাবে আহে আৰু নিৰামিষ আহাৰৰ বাবে অৰ্ডাৰ দিয়ে।

‘‘আহাৰ অহাৰ পাছত তেওঁলোকে অতিৰিক্ত পিয়াঁজ বিচাৰে আৰু দুবাৰ পিয়াঁজ দিয়াৰ পাছতো যেতিয়া তেওঁলোকে আৰু পিয়াঁজ বিচাৰে হোটেলৰ কৰ্মীসকলে দিবলৈ অস্বীকাৰ কৰাৰ পাছত কৰ্মীসকলক আক্ৰমণ কৰে,’’ হোটেলৰ স্বত্তাধিকাৰীৰ মন্তব্য।

উল্লেখযোগ্য যে, ভাৰতত পিয়াঁজৰ বৰ্ধিত মূল্যৰ বাবে হোটেল সমূহত পিয়াঁজৰ অতিৰিক্ত ব্যৱহাৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে।

মহাৰাষ্ট্ৰত বানপানীৰ বাবে পিয়াঁজৰ উৎপাদন নহোৱাত ভাৰতে অন্য দেশৰ পৰা পিয়াঁজ আমদানি কৰিবলগীয়া হৈছে।