NORTHEAST NOW (Assamese)
অসম

যশস্বী জয়ছোৱালৰ দুৰ্দান্ত প্ৰদৰ্শন; দক্ষিণ আফ্ৰিকাক ৮ উইকেটত হৰুৱালে ১৯অনুৰ্ধৰ ভাৰতীয় দলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 29, 2019 10:04 am
yashasvi_jaiswal_with_the_man_of_the_match_trophy_csa_twitter__1577539495

উদীয়মান তাৰকা যশস্বী জয়ছোৱালৰ চাৰিটা উইকেট আৰু অপৰাজিত ৮৯ ৰাণৰ অনবদ্য ইনিংছৰ সহায়ত ১৯অনুৰ্ধৰ ভাৰতীয় দলে দ্বিতীয়খন যুৱা এদিনীয়াত দক্ষিণ আফ্ৰিকাক ৮ উইকেটত পৰাজিত কৰি ছিৰিজ দখল কৰে।

১৯অনুৰ্ধৰ ভাৰতীয় ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকাৰ দলটোক কোনো সময়তে তিষ্ঠি থকাৰ সুবিধা নিদিলে।

যশস্বী জয়ছোৱালে ১৩ ৰাণ দি চাৰিটা উইকেট লোৱাৰ উপৰি ৮৯ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে।

শনিবাৰে বাফেলো পাৰ্কত ভাৰতীয় যুৱ দলটোৱে টছত জয়লাভ কৰি প্ৰথমতে দক্ষিণ আফ্ৰিকাৰ দলটোক বেটিং কৰিবলৈ দিয়ে।

দক্ষিণ আফ্ৰিকাৰ দলটোৱে বেটিং কৰি নিৰ্দ্ধাৰিত ৫০ অভাৰ টিকিবই নোৱাৰিলে আৰু গোটেই দলটো ২৯.৫ অভাৰত ১১৯ ৰাণ কৰিয়েই আউট হৈ যায়।

দক্ষিণ আফ্ৰিকাৰ অপেনিং বেটছমেন এণ্ড্ৰু লুইয়ে ২৪ ৰাণ জোনাথন ব’ৰ্ডে ২৫ ৰাণ কৰে।

ভাৰতৰ হৈ যশস্বী যাদৱে সুন্দৰ বলিঙেৰে ৩,৫ অভাৰত ১৩ ৰাণ দি সৰ্বাধিক চাৰিটা উইকেট দখল কৰে। আকাশ সিং, অথৰ্ব অংকোলেকৰ আৰু ৰবি বিষ্ণই দুটা কৈ উইকেট লাভ কৰে।

দক্ষিণ আফ্ৰিকাৰ হৈ জোনাথন ব’ৰ্ডে সৰ্বাধিক ২৫ ৰাণ কৰে। দলটোৰ ছয় গৰাকী বেটছমেনে দুটা অংকৰ সংখ্যাও স্পৰ্শ কৰিব নোৱাৰিলে।

বিজয়ৰ বাবে প্ৰয়োজনীয় ১২০ ৰাণৰ লক্ষ্য অনুসৰণ কৰি জয়ছোৱালে ৫৬টা বলত ১৪ টা চাৰি আৰু ৩টা ছয় কোবায়।

উল্লেখযোগ্য যে যশস্বী জয়ছোৱালক এইবাৰ ৰাজস্থান ৰয়েলছে আইপিএল ২০২০ৰ বাবে ২.৪ কোটি টকাত ক্ৰয় কৰিছে।

ভাৰতীয় দলৰ হৈ যশস্বী জয়ছোৱালৰ উপৰি ধ্ৰুৱ জুয়ালে অপৰাজিত ২৬ ৰাম সংগ্ৰহ কৰে। ১৯ অনুৰ্ধৰ ভাৰতীয় দলটোৱে মাত্ৰ ১৬.২ অভাৰতে নিৰ্দিষ্ট লক্ষ্য অতিক্ৰম কৰে।