NORTHEAST NOW (Assamese)
Popular Stories

কৃষ্ণাইত কা’ৰ বিৰুদ্ধে CITUৰ প্ৰতিবাদ; ৩ জানুৱাৰীত গুৱাহাটীত বিশাল সমাৱেশ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা December 29, 2019 4:30 pm

চৰকাৰী পক্ষৰ সমৰ্থনকাৰী দল-সংগঠন সমূহৰ বাদে ৰাজ্যত এতিয়া প্ৰতিটো দল-সংগঠন তথা সাধাৰণ ৰাইজ নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে।

কৃষ্ণাইত আজি চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন চমুকৈ CITUৰ উদ্যোগত নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

সভাত CAA ৰ বিৰুদ্ধে আন্দোলন কৰি গ্ৰেপ্তাৰ হোৱা সকলো নেতা তথা আন্দোলনকাৰীক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে আৰক্ষীৰ গুলীত নিহত আৰু আহত হোৱা প্ৰত্যেকজনকে উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনোৱা হয়।

উল্লেখযোগ্য যে আজিৰ এই কাৰ্যসূচীৰ অংশস্বৰূপে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে ৰাজপথেৰে এক সমদল উলিয়াব বিচাৰিছিল যদিও আৰক্ষীয়ে তেওঁলোকক তাৰ বাবে অনুমতি নিদিলে।

সভাত অহা ৩ জানুৱাৰীত গুৱাহাটীত হ’ব ল’গা CITUৰ বিশাল সমাৱেশত সকলোকে উপস্থিত থাকি CAAৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনোৱা হয়।