NORTHEAST NOW (Assamese)
মিজোৰাম

বাংলাদেশ সীমাত কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ লক্ষ্য-সময় পুনৰ বঢ়াব পাৰে কেন্দ্ৰীয় চৰকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 29, 2019 7:02 pm
Indo-Bangla Border fence

 

ভাৰত-বাংলাদেশৰ সীমাৰ মিজোৰাম অংশত কাঁইটীয়া তাঁৰ দিয়াৰ কাম সম্পূৰ্ণকৈ কৰিবলৈ স্থিৰ কৰি লোৱা সময়সীমা পুনৰ বৃদ্ধি কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে।

নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা নথকাত আজি সংশ্লিষ্ট বিষয়াসকলে সময় বৃদ্ধিৰ ইংগিত দিয়ে।

বাংলাদেশৰ সৈতে মিজোৰামৰ ৩১৮ কিলোমিটাৰ উন্মুক্ত আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা আছে, যাৰ ভিতৰত ২৩৩ কিলোমিটাৰত কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ কথা।

ৰাজ্যখনৰ গৃহ বিভাগৰ বিষয়াকেইজনে কয় যে কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ কাম ২০০৫ চনতে আৰম্ভ হৈছিল আৰু প্ৰথমে ২০১৩ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এই সময়সীমা পূৰ্বে এবাৰ বৃদ্ধি কৰি এই বছৰৰ মাৰ্চ নতুন লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিছিল।

“কিন্তু বিভিন্ন কাৰণত এই কাঁইটীয়া তাঁৰৰ বেৰা দিয়া কাম কৰি থকা এজেন্সি দুটাই বৰ্ধিত লক্ষ্যৰ ভিতৰতো কামটো সম্পূৰ্ণ কৰিব নোৱাৰিলে”, বিষয়াসকলে কয়।

সূত্ৰটোৰ দাবী, কেন্দ্ৰই এই সময় বৃদ্ধি কৰাৰ কথা ভাবি আছে।

মিজোৰাম-বাংলাদেশ সীমাত কাঁইটীয়া তাঁৰৰ বেৰা দিয়া কাম Engineering Projects India Limited (EPIL) আৰু National Projects Construction Corporation Limited (NPCC)-ই কৰি আছে।

ইয়াৰে NPCC-এ ১৫০ কিলোমিটাৰত আৰু ৮৩ কিলোমিটাৰ EPIL-এ কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ ঠিকা লৈছিল।

জানিব পৰামতে, EPIL-এ তেওঁলোকৰ ভাগৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ কৰিছে। কিন্তু আনটো এজেন্সিয়ে প্ৰায় ৫০ শতাংশ কামহে সম্পূৰ্ণ কৰিছে।

আন এটা সূত্ৰৰ মতে, দক্ষিণ মিজোৰামত পৰা কিছু আৱাসস্থল কাঁইটীয়া তাঁৰৰ বেৰাৰ বাহিৰত ৰৈ গৈছে।

এই বিষয়টোক লৈ আৱাসীসকলে যোৱা বছৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। গোচৰটোৰ ৰায় এতিয়াও অপেক্ষাৰত।