NORTHEAST NOW (Assamese)
Popular Stories

সাৱধান! ২০২০ত আপুনি মনত ৰাখিব লগীয়া আটাইতকৈ গুৰত্বপূৰ্ণ কাম হ’ল এইটো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2019 9:11 am

সময় গতিশীল। চাওঁতে চাওঁতে ২০১৯ বৰ্ষটো গৈ ২০২০ আহিবৰ হ’ল আৰু দুটা দিনৰ পিছতে অহিব ২০২০ বৰ্ষ। কিন্তু সাৱধান ২০২০ বৰ্ষটোত সাৱধানতা অৱলম্বন কৰিবলগীয়া এটা অতি গুৰুত্বপূৰ্ণ কথা আছে।

সাৱধানতা অৱলম্বন কৰিব লগীয়া কথাটো হৈছে ২০২০ চনত আপুনি যিকোন নথি-পত্ৰত চহী কৰোতে বছৰটো সম্পূৰ্ণ ২০২০ বুলি লিখিব লাগিব। যেনে ৩১/০১/২০২০ বুলি লিখিব লাগিব, ৩১/০১/২০ বুলি লিখিলে নহ’ব।

আমি সাধাৰণতে যি কোনো নথি-পত্ৰত চহী কৰোতে ৩১/১২/’১৯ বুলি লিখো কিন্তু নতুন বছৰটোত আপুনি সম্পূৰ্ণ ২০২০ বুলি লিখিব লাগিব। কাৰণ যদি আপুনি ৩১/০১/২০ বুলি লিখে তেতিয়া আপুনি লিখাটো কোনোৱে অতি সহজতে ৩১/০১/২০ টো ৩১/০১/২০১৯ বা ৩১/০১/২০০০ এইধৰণেৰে বছৰটো সলনি কৰি দি আপোনাক অসুবিধাত পেলোৱাৰ সম্ভাৱনা থাকিব।

এই সমস্যাটো কেৱল ২০২০ চনৰ বাবেহে। কতো বছৰটো অকল ২০ বুলি নিলিখিব অথবা আনৰপৰাও বছৰটো ২০ বুলি লিখা নথি-পত্ৰ গ্ৰহণ নকৰিব।