NORTHEAST NOW (Assamese)
অসম

স্বাস্থ্য খণ্ডৰ সূচকাংক: নীতি আয়োগৰ প্ৰতিবেদনত শেহৰ পিনে স্থান অসমৰ

Posted by: এন ই নাও নিউজ February 10, 2018 7:11 am
Directorate-of-Health-Services-Assam

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিশ্ববেংক আৰু নীতি আয়োগে সন্মিলিতভাৱে প্ৰকাশ কৰা এখন প্ৰতিবেদনত অসমৰ স্বাস্থ্যখণ্ডৰ পুতৌলগা ছবিখন স্পষ্ট হৈ পৰিছে।

‘হেল্ডি ষ্টেটছ, প্ৰগ্ৰেছিভ ইণ্ডিয়া’ শীৰ্ষক প্ৰতিবেদনত স্বাস্থ্য সূচকাংকৰ ওপৰত ভিত্তি কৰি ৰাজ্যসমূহৰ এখন তালিকাও প্ৰকাশ কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে এই তালিকাত শেহৰ পিনে স্থান লাভ কৰিছে অসমে। এই তালিকাত অসম ১৭ সংখ্যক স্থানত আছে।

স্বাস্থ্য সূচকাংকৰ ফালৰ পৰা তালিকাৰ শীৰ্ষ স্থান লাভ কৰিছে কেৰালাই। কেৰালাৰ পিছতেই এই দিশত স্থান লাভ কৰিছে ক্ৰমে তামিলনাডু, গুজৰাট আৰু হিমাচল প্ৰদেশে।

তালিকাখনৰ একেবাৰে তলৰ স্থানত আছে উত্তৰ প্ৰদেশ। তালিকাৰ শেহৰ পিনে থকা আন ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে বিহাৰ, উৰিষ্যা আৰু মধ্যপ্ৰদেশ।

উল্লেখ্য যে ২০১৪-১৫ বিত্তীয় বৰ্ষক ভিত্তি হিচাপে গ্ৰহণ কৰি শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থা আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিশ্ববেংক আৰু নীতি আয়োগে নৱজাতকৰ মৃত্যুৰ হাৰ, ৫ বছৰ অনুৰ্দ্ধৰ শিশুৰ মৃত্যুৰ হাৰ আদি বিভিন্ন তথ্যৰ আধাৰত ‘হেল্ডি ষ্টেটছ, প্ৰগ্ৰেছিভ ইণ্ডিয়া’ শীৰ্ষক প্ৰতিবেদনখন প্ৰকাশ কৰি আহিছে।

স্বাস্থ্য সূচকাংকৰ বাৰ্ষিক প্ৰদৰ্শনৰ (বিকাশ) দিশত বৃহৎ ৰাজ্যসমূহৰ ভিতৰত তালিকাৰ শীৰ্ষত আছে ঝাৰখণ্ড আৰু জম্মু আৰু কাশ্মীৰ। সেইদৰে সৰু ৰাজ্যসমূহৰ ভিতৰত প্ৰথমৰ ফালে স্থান লাভ কৰিছে মিজোৰাম, মণিপুৰ আৰু গোৱাই।

স্বাস্থ্যখণ্ডৰ বিকাশৰ দিশত অসমৰ এই পুতৌজনক স্থিতিয়ে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ কামকাজত স্বচ্ছতাৰ অভাৱৰ কথাকে সূচায়। কিয়নো দীৰ্ঘ দিনধৰি স্বাস্থ্যখণ্ডত অসমে প্ৰভূত উন্নতি সাধিছে বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰি অহাৰ বিপৰীতে নীতি আয়োগৰ প্ৰতিবেদনে এই সকলো ধাৰণা ভুল প্ৰমানিত কৰিছে।