NORTHEAST NOW (Assamese)
অসম

টিহুত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন যুৱকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2020 10:33 am
Accident story

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টিহুৰ সমীপৰ কদমতল চ’কত ৩ জানুৱাৰিত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত গজেন ৰাজবংশী আৰু অবিনাশ বৰ্মন নামৰ দুজন যুৱকে কৰুণ মৃত্যুক সাৱতি লয়।

মৃত গজেন ৰাজংশী আৰু অবিনাশ বৰ্মনৰ ঘৰ নলবাৰী জিলাত।

দুয়োগৰাকী দুৰ্ভগীয়া যুৱকৰ ভিতৰত এজনে মেনেজাৰ হিচাপে আৰু এজনে মেডিচিন ৰিপ্ৰেজেনটেটিভ হিচাপে কৰ্মৰত আছিল।

জানিব পৰা মতে, ৩ জানুৱাৰি আবেলি নলবাৰীৰ পৰা পাঠশালা অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত বৰদৈছিলা থিয়েটাৰৰ এ এছ-০১ চি ৩২৯০ নম্বৰৰ এখন দ্ৰুত বেগী টাটা ডি আই বাহনে যুৱক দুজনৰ বাইকত খুন্দা মৰাৰ ফলতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

চাৰিচকীয়া বাহনখনৰ ড্ৰাইভাৰজনে অত্যাধিক মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

দুৰ্ঘটনাগ্ৰস্ত যুৱক দুজনক ততাতৈয়াকৈ নলবাৰী অসামৰিক চিকিৎসালয়লৈ লৈ অহা হয় যদিও চিকিৎসকে দুয়োকো মৃত ঘোষণা কৰে।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখনৰ চালকজনে পলায়ন কৰে যদিও আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে গাড়ীখনত উঠি অহা থিয়েটাৰৰ এজন কৰ্মচাৰীক আটক কৰে।