NORTHEAST NOW (Assamese)
অসম

বিজেপিয়ে ভাৰতীয় সমাজৰ মিলাপ্ৰীতিত ভাঙোন আনিব বিচাৰিছে : মানিক সৰকাৰ

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ January 6, 2020 9:07 pm

‘নাগৰিকত্ব (সংশোধন) আইন ৰাজনৈতিকভাৱে প্ৰৰোচিত আৰু এই আইন আনি কেন্দ্ৰৰ বিজেপি চৰকাৰে ভাৰতীয় সমাজৰ মিলাপ্ৰীতিত ভাঙোন আনিব বিচাৰিছে।‘ এই মন্তব্য ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰৰ।

আজি লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ কমৰেড প্ৰমোদ লাহন ক্ষেত্ৰত অখিল ভাৰত কৃষাণ সভাৰ ২৪ সংখ্যক ৰাজ্যিক অভিৱৰ্তনৰ সামৰণিৰ দিনা ৰাইজৰ বিশাল সমাগমক সম্বোধন কৰি এইদৰে কয়।

সভাত তেওঁ বৰ্তমানৰ চৰকাৰে দেশৰ দুৰ্দশাগ্ৰস্ত কৃষকে লাভ কৰি অহা ৰাজসাহায্য বন্ধ কৰি দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰে।

আজিৰ অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অখিল ভাৰত কৃষাণ সভাৰ সদ্যসকলৰ লগতে সহস্ৰাধিক ৰাইজে ‘কা’ বাতিলৰ দাবীত এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়।

যোৱা শনিবাৰৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনত প্ৰবীন শ্ৰমিক নেতা তথা চিপিআই (এম)ৰ প্ৰাক্তন বিধায়ক উদ্ধৱ বৰ্মন, ঢকুৱাখানা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা অমিয় কুমাৰ সন্দিকৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।