NORTHEAST NOW (Assamese)
অসম

সৰ্থেবাৰীৰ আমৃখোৱাত ৰন্ধন গেছৰ নাটনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2020 1:49 pm
62cdb746-95e0-499a-837c-cdc34d9e441a

পেট্রলজাত সামগ্রীৰ মূল্য প্রতিদিনে বৃদ্ধি পোৱাত ৰাইজ অতিষ্ঠ হৈ পৰাৰ মাজতে এইবাৰ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ আমৃখোৱাত তীব্ৰ নাটনিয়ে দেথা দিছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ৷

এজেন্সি সমূহে বিগত কেইবাধিন ধৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰিব নোৱাৰাত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চলটোত।

অঞ্চলটোৰ ৰাইজে বিগত কিছুদিনৰ পৰা দৈনন্দিন কাম-কাজ এৰি ৰাতিপুৱা ৬ বজাৰ পৰা ৰন্ধন গেছৰ অপেক্ষাত ৰৈ থাকে যদিও খালী হাতেৰে ঘৰলৈ উভটিব লগীয়া হয় বুলি জানিব পৰা গৈছে।

এনেদৰে নিতৌ ৰন্ধন গেছ লাভৰ পৰা বঞ্চিত হৈ অহা গ্ৰাহক সকলে ক্ষোভ প্ৰকাশ কৰি কয় যে ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা মোদী চৰকাৰে অনলাইনযোগে ৰন্ধন গেছৰ বুকিং আৰু বিতৰণৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু বাস্তৱ ক্ষেত্ৰত ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবিহে দেখা গৈছে।

মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত এনেদৰে দেখা দিয়া ৰন্ধন গেছৰ নাটনিয়ে অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজক যে বেয়াকৈ প্ৰভাৱিত কৰিব সেয়া নিশ্চিত।