NORTHEAST NOW (Assamese)
Popular Stories

ধোনীয়ে ক্ৰিকেটৰ পৰা কিয় আঁতৰি আছে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 8, 2020 5:01 pm
MS-Dhoni-1

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ভাৰতীয় দললৈ কেতিয়া প্ৰত্যাৱৰ্তন হ’ব বা ক্ৰিকেটাৰগৰাকীয়ে কেতিয়া অৱসৰ ঘোষণা কৰিব তাক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত অবাহত আছে চৰ্চা।

৩৮ বছৰীয়া ধোনীয়ে যোৱা বছৰ অনুষ্ঠিত হোৱা  বিশ্বকাপ প্ৰতিযোগিতাৰ ছেমিফাইনেলৰ পিছৰে পৰা ক্ৰিকেটৰ পৰা আঁতৰি আছে।

এনেবোৰ বিতৰ্ক চলি থকাৰ সময়তে ধোনীয়ে নিজৰ ভৱিষ্যৎ সম্পৰ্কে মত আগবঢ়াই কৈছিল, ‘জানুৱাৰিলৈকে কোনেও মোক একো নুশুধিব’।

প্ৰাক্তন ক্ৰিকেটাৰ তথা বিশেষজ্ঞসকলে বিভিন্ন মন্তব্য কৰি থকাৰ সময়তে ধোনীয়ে কিয় ২০১৯ বিশ্বকাপৰ পিছৰ পৰা ক্ৰিকেটৰ পৰা আঁতৰি আছে তাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ২০০৭ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম নায়ক যোগিন্দৰ শৰ্মাই।

ধোনী সন্দৰ্ভত শৰ্মাই কয়, ‘শাৰিৰীক তথা মানসিকভাৱে ধোনী যথেষ্ট শক্তিশালী। ক্ৰিকেট জগতৰ পৰা আঁতৰি থকাৰ সিদ্ধান্তৰ আঁৰত হয়তো বিভিন্ন কাৰণ থাকিব পাৰে। তেওঁৰ এটা পৰিয়াল আছে, ব্যক্তিগত জীৱন আছে, হয়তো তেওঁ নিজকে বেলেগ ধৰণে সাজু কৰি আছে’।

উল্লেখ্য যে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে ভাৰতীয় দলত স্থান লাভ কৰিছিল যোগিন্দৰ শৰ্মাই। তদুপৰি শৰ্মাই আই পি এলতো ধোনীৰ নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছত খেলিছিল।

‘২০১৭ চনলাকে মই হাৰিয়ানাৰ হৈ খেলিছিলো। ইয়াৰ পিছৰে পৰা মই আৰক্ষীৰ চাকৰিটো নিয়মিয়াকৈ কৰিবলৈ লও। সেয়ে বৰ্তমান মই ক্ৰিকেটৰ পৰা কিছু পৰিমানে আঁতৰি থাকিবলগীয়া হৈছে’। এইদৰে কয় যোগিন্দৰ শৰ্মাই।

উল্লেখ্য যে ২০০৭ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা প্ৰথম টি-২০ বিশ্বকাপৰ শ্বাহৰুদ্ধকাৰী ফাইনেলত পাকিস্তানৰ অধিনায়ক মিছবাহ উল হকৰ বিৰুদ্ধে কৰা অন্তিম অ’ভাৰৰ বাবেই কোটি কোটি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ হৃদয়ত আজিও এক সুকীয়া স্থান দখল কৰি আছে যোগিন্দৰ শৰ্মাই।