NORTHEAST NOW (Assamese)
অসম

ধোনীয়ে শীঘ্ৰে অৱসৰ লোৱাৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2020 8:10 pm
Dhoni may wrap up his ODI career soon

ৰৱি শাস্ত্ৰীয়ে কৈছে যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে সম্ভৱতঃ শীঘ্ৰে এদিনীয়া খেলৰ পৰা অৱসৰ ল’ব।

“সোনকালেই তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সামৰণি মাৰিব,” ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে এটা টিভি চেনেলৰ শেহতীয়া এক সাক্ষাৎকাৰত কয়।

যোৱা কিছুদিন ধৰি ক্ৰিকেটৰ পৰা আঁতৰি থকা দুবাৰৰ বিশ্বকাপজয়ী অধিনায়কগৰাকীৰ অৱসৰৰ খবৰে শেহতীয়াকৈ চৰ্চা লাভ কৰি আছে।

কিন্তু, শাস্ত্ৰীৰ মন্তব্যৰ ফলত ধাৰণা কৰা হৈছে, এদিনীয়াৰ পৰা অৱসৰ ল’লেও ধোনীক টেষ্ট বা টি২০ত হয়তো দেখা যাব।

ধোনীৰ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন বা অৱসৰক লৈ ক্ৰিকেটপ্ৰেমী বিশেষকৈ তেওঁৰ অনুৰাগীসকল উৎকণ্ঠিত হৈ আছে।

এইসমূহ চৰ্চাৰ মাজতে “জানুৱাৰিলৈকে” এই সন্দৰ্ভত একো নুশুধিবলৈ পূৰ্বে ধোনীয়ে অনুৰোধ জনাইছিল।

৩৮ বছৰীয়া ধোনীয়ে যোৱা বিশ্বকাপ প্ৰতিযোগিতাৰ ছেমিফাইনেলৰ পিছৰে পৰা ক্ৰিকেটৰ পৰা আঁতৰি আছে।