NORTHEAST NOW (Assamese)
অসম

সকলোকে টাৰ্গেট? প্ৰফুল্ল মহন্তৰ পিছত তৰুণ গগৈৰো জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 10, 2020 9:18 pm
Tarun Gogoi

চৰকাৰৰ ৰোষৰ বলি হ’ল সততে সমালোচনাত সৰৱ হোৱা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু তেওঁৰ জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰত সেয়া প্ৰকাশ হৈছে।

যোৱাকালি ৰাতি যোৰহাটৰ পৰা গুৱাহাটীলৈ আহি থকা সময়তে গগৈয়ে তেওঁৰ নিৰাপত্তা জেদ প্লাছৰ পৰা জেদ স্তৰলৈ অৱনতি হোৱাৰ বিষয়ে জানিব পাৰে।

আজি দিচপুৰৰ নিউ মিনিষ্টাৰ কলনিত সংবাদমেল দিয়া গগৈয়ে চৰকাৰৰ এই পদক্ষেপক প্ৰতিশোধমূলক আখ্যা দি চৰকাৰক সমালোচনা কৰা বাবেই এয়া কৰিছে বুলি দাবী কৰে।

তেওঁ কয়, “অসমৰ পৰিস্থিতি যদি উন্নত হৈছে সোণোৱালৰ নিৰাপত্তা কিয় জেদ প্লাছ কিয় লাগে?”

ৰাজ্যৰ তিনি বাৰৰ মুখ্য মন্ত্ৰী গগৈৰ এন এছ জি নিৰাপত্তা ২০১৭ চনত প্ৰত্যাহাৰ কৰা হৈছিল।

উল্লেখযোগ্য যে ২২ ডিচেম্বৰত আন এজন প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তৰ জেড প্লাছ নিৰাপত্তা কৰ্তন কৰিছিল চৰকাৰে।

মহন্তয়ো তেওঁৰ জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰ CAA-ৰ বিৰুদ্ধে লোৱা স্থিতিৰ বাবেই বুলি অভিযোগ কৰিছিল।

নিৰাপত্তাৰ ভাবুকিৰ মূল্যায়নৰ ভিত্তিত গৃহ মন্ত্ৰ্যালয়ে দেশৰ ভি ভি আই পিসকলৰ বাবে বিভিন্ন কেটেগৰিৰ নিৰাপত্তা নিৰ্ধাৰণ কৰে।

জেদ প্লাছ কেটেগৰিৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত থকা ব্যক্তিজনৰ সৈতে ৫৫জন নিৰাপত্তাৰক্ষী থাকে, য’ত ১০জন এন এছ জি কমাণ্ডো।

ইয়াৰ বিপৰীতে জেদ কেটেগৰিৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনত থকা ব্যক্তিজনৰ সৈতে ২২জন নিৰাপত্তাৰক্ষী থাকে। ৱাই কেটেগৰিত থাকে ১১জন আৰু এক্স কেটেগৰিত থাকে ২জন।

শেহতীয়াকৈ কেইবাজনৰো জেদ প্লাছ কেটেগৰিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ আগলৈকে দেশত মুঠ ১৭জন ব্যক্তিৰ জেদ প্লাছ কেটেগৰিৰ নিৰাপত্তা আছিল।