NORTHEAST NOW (Assamese)
অসম

অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2020 7:04 pm
Assam CM Sonowal greets people on Eid-Ul-Fitr

সংশোধীত নাগৰিকত্ব আইনৰ পক্ষত থাকি তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভোগালী বিহু উপলক্ষে অসমবাসীলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

শুভেচ্ছা বাৰ্তাৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে অসমৰ বৰ্ণাঢ্য সাংস্কৃতিক জীৱন ধাৰাৰ অবিৰত যাত্ৰত বিহুৰ ভূমিকা অপৰিসীম। প্ৰাকৃতিক বৈভৱৰ মাজেৰে বিহুৱে আমাৰ সাংস্কৃতিক সত্ত্বাৰ শৈল্পিক ৰূপ প্ৰকাশ কৰি আহিছে।

এই বিহুৱে আমাৰ শক্তিশালী সংস্কৃতিৰ পৰিচয় বহন কৰি অহা বুলি উল্লেখ কৰি কয় যে ভোগালী বিহুৰ মেজিয়ে আমাৰ সমাজখনক আলোকৰ বাটেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়।

এই বিহু পালনৰ জৰিয়তে অসমৰ বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ মাজত থকা সাতামপুৰুষীয়া একতাৰ বান্ধোন অধিক সুদৃঢ় হোৱাৰ উপৰি ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে সকলোকে অহোপুৰুষাৰ্থ কৰিব বুলি মুখ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে।