NORTHEAST NOW (Assamese)
অসম

চোৰাং চিকাৰৰ ক্ষেত্ৰত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিবলৈ আইন বলৱৎকাৰী সংস্থাসমূহক আহ্বান ৰাজ্যপাল মুখীৰ

Posted by: এন ই নাও নিউজ February 11, 2018 9:09 am
Guv-in-Golaghar--570x320

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শনিবাৰে সন্ধিয়া গোলাঘাটত জিলাখনৰ আইন শৃংখলা পৰিস্থিতিৰ বুজ লৈ আইন বলৱৎকাৰী সংস্থাসমূহক আন্ত:ৰাজ্যিক সীমান্ত সমস্যাকলৈ উদ্ভৱ হোৱা পৰিস্থিতি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰীৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে। ৰাজভৱনৰ পৰা প্ৰকাশিত এক প্ৰেছ বিবৃতিত এই কথা কোৱা হৈছে।

গোলাঘাট আৱৰ্ত ভৱনৰ বৈঠক গৃহত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা বৈঠকত অধ্যাপক মুখীয়ে কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ এশিঙিয়া গঁড়ৰ বাবে অসম গোটেই বিশ্বতে পৰিচিত হৈ পৰিছে।

চোৰাং চিকাৰীৰ দ্বাৰা নিৰ্মমভাৱে গঁড় হত্যা কেৱল প্ৰাণী বিধৰ প্ৰতি আক্ৰমণেই নহয় লগতে ই ৰাজ্যখনৰ গৌৰৱৰ প্ৰতিও এক আক্ৰমণ,’’-ৰাজ্যপালগৰাকীয়ে কয়। তেওঁ লগতে কয় যে যদিওৱা কেইমাহমানৰ পৰা গঁড় চিকাৰ দ্ৰুতভাৱে হ্ৰাস পাইছে, সুৰক্ষা সংস্থাসমূহে গঁড়ৰ ক্ষতি কৰিব পৰা যিকোনো প্ৰচেষ্টা প্ৰতিৰোধ কৰিবলৈ তৎপৰ হৈ থাকিব লাগিব।

ৰাজ্যপাল মুখীয়ে গোলাঘাটৰ আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়ক নাগালেণ্ডৰ সীমান্ত জিলাখনৰ সীমান্ত অঞ্চলত সম্পূৰ্ণ শান্তি-শৃংখলা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰাজ্যপালগৰাকীয়ে লগতে স্বাস্থ্য আৰু পৰিচ্ছন্নতা, খোৱা পানী, শিক্ষা, পথ আৰু যোগাযোগ, কৃষিকে আদি কৰি আন বিষয়সমূহৰো পৰ্যালোচনা কৰে।

তেওঁ লগতে জিলাখনৰ কৃষকসকলৰ বৰ্তমান কৃষি কাৰ্যৰ বুজ লৈ তেওঁলোকৰ আয় দুগুণ বৃদ্ধি কৰাৰ বাবে নিশ্চিত ব্যৱস্থা ল’বলৈ উপায়ুক্ত গৌৰৱ বোথ্ৰাক নিৰ্দেশ দিয়ে। তেওঁ জিলা কৃষি কাৰ্যালয়ক খাৰিফ শস্যৰ প্ৰতি তেওঁলোকৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে যাতে কৃষকৰ আয় বৃদ্ধি পোৱাটো নিশ্চিত হয়।

অধ্যাপক মুখীয়ে জিলা প্ৰশাসনৰ কৰ্তৃপক্ষক উৎপাদিত কৃষি সামগ্ৰীসমূহ যাতে গ্ৰাহকৰ হাতত সঠিকভাৱে পৰে তাৰ বাবে শীতল পণ্যাগাৰ তথা সঠিক পৰিবহনৰ ব্যৱস্থা কৰিবলৈকো নিৰ্দেশ দিয়ে।

বৈঠকত উপস্থিত থকা সকলোৰে দৃষ্টি আকৰ্ষণ কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহে এক কৌশলগত স্থান অধিকাৰ কৰি আছে আৰু অঞ্চলটোৰ বিকাশে দেশখনৰ বিকাশত অৰিহনা যোগাব।