NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে পুনৰ হত্যা কৰিলে গঁড়

Posted by: এন ই নাও নিউজ February 11, 2018 12:33 pm
Kaziranga-Rhino-killed

ৰাজ্যত অব্যাহত আছে গঁড় হত্যা। যোৱা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত নৰ্দান ৰেঞ্জত চোৰাং চিকাৰীৰ গুলীত  প্ৰাণ হেৰুৱাবলগীয়া হৈছে এটা এশিঙীয়া গঁড়ে।

বিশ্বনাথ চাৰিআলিৰ বাঘমাৰী পাৱাৰ গ্ৰীড কৰ্প’ৰেশ্যন দক্ষিণৰ অন্তৰ্গত সীতামাৰী টাপুত গঁড়টো হত্যা কৰা বুলি জানিব পৰা গৈছে। গঁড় হত্যাৰ বাতৰি লাভৰ পাছতে সংশ্লিষ্ট বন বিষয়াসকল ঘটনাস্থলীলৈ ৰাওনা হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ এই সন্দৰ্ভত সবিশেষ তথ্য লাভ কৰিব পৰা হোৱা নাই।

ৰাজ্যপাল জগদীশ মুখীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা ৰোধ কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়াৰ কেইটিমান ঘণ্টাৰ ভিতৰতে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ ।

উল্লেখ্য যে কালি গোলাঘাটৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰিছিল যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ বাবে অসম বিশ্ববিখ্যাত।

মুখীয়ে গঁড় হত্যা অসমৰ সন্মানত এক আঘাত বুলি কৈ বিগত কেইটামান মাহত চোৰাং চিকাৰীৰ দৌৰাত্ম্য হ্ৰাস পোৱা বুলি দাবী কৰাৰ ঘণ্টাদিয়েক পাছতে পুনৰ গঁড় হত্যা আৰক্ষী-বন বিভাগৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে।

গঁড় হত্যা ৰোধ কৰিবলৈ সংশ্লিষ্ট  বিভাগটোবে এতিয়া কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব।