NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতীয় নাগৰিক? প্ৰমান বিচাৰি আবেদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 17, 2020 3:32 pm
pm

দেশৰ বহু নাগৰিকে নাগৰিকত্বৰ প্ৰমান বিচৰাত জাঙুৰ খাই উঠিছে। বহুতেই আনকি নথি পত্ৰ দেখুৱাবলৈ অস্বীকাৰ কৰিও সৰৱ হৈ পৰিছে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত মুখৰ হৈ পৰা বহুতেই এক প্ৰকাৰ বিদ্ৰোহ ঘোষণা কৰি এনেদৰে সৰৱ হৈ পৰিছে।

আনহাতে, নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনকাৰীসকলে তেওঁলোকৰ প্ৰতি কটাক্ষ কৰি নাগৰিকত্বক লৈ প্ৰশ্ন কৰিছে।

এনে পৰিস্থিতি চলি থকাৰ মাজতেই দেশৰ প্ৰধান মন্ত্ৰীগৰাকীৰেই নাগৰিকত্বৰ প্ৰমান বিচাৰি আবেদন জনাইছে এজন লোকে। বিষয়টোৱে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কেৰালাৰ ত্ৰিশূৰ জিলাৰ চালাকুডি চহৰৰ বাসিন্দা যোশ কাল্লুভিট্টল নাগৰিকত্ব সংশোধনী আইন তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এগৰাকী বিৰোধী ব্যক্তি হিচাপে পৰিচিত।

তেওঁ দেশজুৰি কেন্দ্ৰীয় চৰকাৰে  প্ৰয়োগ কৰিব বিচৰা নীতিৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছে। ইয়াৰ মাজতে হঠাতে তেওঁ নাগৰিকত্ব প্ৰমানৰ বাবে প্ৰয়োজনীয় নথি পত্ৰখিনি প্ৰধান মন্ত্ৰী গৰাকীৰ আছেনে নে নাই সেয়া জানিবলৈ আগ্ৰহী হৈ পৰে।

ইয়াৰ পাছতেই যোশে যোৱা ১৩ জানুৱাৰিত চালাকুডি পৌৰসভাৰ তথ্য বিষয়াৰ সৈতে দেখা কৰে। তদুপৰি, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাগৰিকত্বৰ নথি পত্ৰ চোৱাৰ বাবে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পৌৰসভাৰ সংশ্লিষ্ট বিভাগত আবেদন দাখিল কৰে।

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নিৰ্দিষ্ট কেইখনমান দেশৰ পৰা অহা শৰণাৰ্থীক ভাৰতীয় নাগৰিকত্ব দিবলৈ চলোৱা প্ৰক্ৰিয়াৰ মাজতে এগৰাকী নাগৰিকে দেশৰ প্ৰধান মন্ত্ৰীৰ নাগৰিকত্বৰ প্ৰমান বিচাৰি আবেদন জনোৱা কাৰ্যই স্বাভাৱিকতে চৰ্চা লাভ কৰিছে।