NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত অস্ত্ৰধাৰী ডকাইতৰ দলে লুটি নিলে সোণৰ অলংকাৰসহ লক্ষাধিক টকা

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা January 19, 2020 2:58 pm

গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত ভিমাজুলত শনিবাৰে (১৮ জানুৱাৰী) নিশা ডকাইতৰ এটা দলে অঞ্চলটোৰ মুকুট ৰায় নামৰ এজন লোকৰ ঘৰত লুটপাত চলায়৷

প্ৰাপ্ত তথ্য মতে ডকাইতৰ দলটোৱে হাতে হাতে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ লৈ আহিছিল।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি নিশা দলটোয়ে পৰিয়ালটোৰ লোকক মাতে আৰু দুৱাৰ খুলি দিয়াৰ পিছেতে তেওঁলোকে পৰিয়ালৰ লোকক আক্ৰমণ কৰি ঘৰৰ ভিতৰৰ পৰা নগদ ধনসহ সোণৰ আ-অলংকাৰ লুটি লৈ যায়।

পিছত ভুক্তভোগী পৰিয়ালৰ লোকে আগিয়া আৰক্ষী চকীত ঘটনা সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে। এই ঘটনাই অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে ডকাইটৰ দলটোত কৰায়ত্ত কৰিবলৈ অভিযান চলাই আছে যদিও বাতৰি লিখা সময়লৈকে কাকো আটক কৰিব পৰা নাই।