NORTHEAST NOW (Assamese)
অসম

আজি CAA-ৰ শুনানি উচ্চতম ন্যায়ালয়ত; স্থগনাদেশ দিয়াৰ আশা অসমৰ লগতে সমগ্ৰ দেশৰ প্ৰতিবাদকাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2020 10:26 am
SC not expressing any view if "access to Internet'' a fundamental right

আজি CAA-ৰ গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত; স্থগনাদেশ দিয়াৰ আশা কৰিছে অসমৰ লগতে সমগ্ৰ দেশৰ প্ৰতিবাদকাৰীয়ে

আজি উচ্চতম ন্যায়ালয়ত CAA-ৰ পক্ষে আৰু বিপক্ষে দিয়া মুঠ ১৪৪খন আৱেদনৰ শুনানি ল’ব তিনিজনীয়া ন্যায়াধীশৰ এখন বিচাৰপীঠে।

এই আবেদনবোৰৰ দেশৰ বিভিন্ন অংশৰ ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ পৰা আদি কৰি বিভিন্ন ব্যক্তিয়েও দাখিল কৰিছে।

যোৱা ১৮ ডিচেম্বৰত হোৱা এই সম্পৰ্কীয় আৱেদনবোৰৰ প্ৰথমটো শুনানিত শীৰ্ষতম আদালতখনে আইনখনত স্থগনাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছিল এই বুলি যে আইনখন এতিয়াও বলৱৎ কৰা হোৱা নাই।

কিন্তু তাৰ পিছতে যোৱা ১০ জানুৱাৰিত কেন্দ্ৰীয় চৰকাৰে আইনখন বলৱৎ কৰে।

লগতে পঢ়ক নাগৰিকত্ব (সংশোধন) আইনৰ গোচৰৰ প্ৰথমটো শুনানি উচ্চতম ন্যায়ালয়ত; স্থগনাদেশ নিদিলে; কেন্দ্ৰীয় চৰকাৰলৈ জাননী

মুখ্য ন্যায়াধীশ এছ এ ববডে নেতৃত্ব দিয়া বিচাৰপীঠখনত ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাও আছে।

আইনখনৰ বিৰুদ্ধে যুঁজ দি থকা অসমৰ লগতে সমগ্ৰ দেশৰ প্ৰতিবাদকাৰীয়ে আইনখনৰ বলৱৎকৰণ ৰদ কৰাটো আশা কৰি আছে আৰু আজিৰ শুনানিৰ ফলফালে আন্দোলনৰ পৰৱৰ্তী ৰেহৰূপ নিৰ্ণয় কৰিব বুলি কোৱা হৈছে।

বিতৰ্কিত আইনখনৰ বিৰুদ্ধে কেৰালা চৰকাৰেও উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আৰু একেই পথ ল’বলৈ পাঞ্জাব আৰু পশ্চিম বংগও সাজু হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে শেহতীয়াকৈ অমিত শ্বাহে মন্তব্য কৰিছে যে যিমানেই আন্দোলন নকৰক আইনখনৰ কোনো সালসলনি কৰা নহয়।

“আন্দোলন হওক বা নহওক, এইটো স্পষ্ট কৰি দিওঁ যে নাগৰিকত্ব সংশোধন আইনখন কোনো কাৰণতে প্ৰত্যাহাৰ কৰা নহয়”, অমিত শ্বাহে কয়।