NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্ব শৰ্মাই অনুচ্ছেদ ৩৪৭ ভালদৰে অধ্যয়ন কৰক : যোৰহাটৰ প্ৰতিবাদী সমদলত ৰিপুন বৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2020 3:43 pm
Assam-Congress-rally-against-CAA-1140x570

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে মঙলবাৰে সভাপতি ৰিপুন বৰাৰ নেতৃত্বত যোৰহাটত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে।

যোৰহাট ষ্টেডিয়ামৰ সমীপত প্ৰতিবাদী ৰাইজক উদ্দেশ্যি বৰাই কংগ্ৰেছে সদায় ৰাজ্যৰ সাধাৰণ লোকৰ ইচ্ছাক সমৰ্থন জনাই আহিছে বুলি কয়।

ৰিপুন বৰাই লগতে গোপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছে অসমক পূব পাকিস্তানৰ সৈতে চামিল কৰা প্ৰচেষ্টাও ব্যৰ্থ কৰিছিল বুলি উল্লেখ কৰে।

অবিভক্ত গোৱালপাৰা জিলাক পশ্চিম বংগৰ সৈতে চামিল কৰাৰ চক্ৰান্তও কংগ্ৰেছেই নস্যাৎ কৰিছিল বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়।

‘‘অসমত সংকট হ’লে কংগ্ৰেছে সদায় মাত মাতি আহিছে আৰু অসমৰ পৰা C(A)A-বাতিল নোহোৱা পৰ্যন্ত কংগ্ৰেছে প্ৰতিবাদ কৰি যাব,’’ ৰিপুন বৰাৰ মন্তব্য।

আনহাতে, অসমত অসমীয়া সদায় সুৰক্ষিত হৈ থাকিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুন বৰাই হিমন্ত বিশ্ব শৰ্মাই সেই কথা বাখ্যা কৰাৰ প্ৰয়োজন নাই কিয়নো অসমত অসমীয়া ইতিমধ্যে চৰকাৰী ভাষা হিচাপে আছে বুলি কয়।

হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৪৭ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি ৰিপুন বৰাই কয় যে অনুচ্ছেদ ৩৪৭ ত এখন ঠাইৰ চৰকাৰী ভাষা সেইটোহে হ’ব য’ত গৰিষ্ঠ সংখ্যকে সেই ভাষাটো কয় বুলি উল্লেখ আছে গতিকে অসমীয়া সুৰক্ষিত হ’লেহে অসমীয়া ভাষা সুৰক্ষিত হ’ব।

অসমত বৰ্তমান থকা বাংলাদেশী লোকসকলৰ বাহিৰেও যদিহে অনাগত সময়ত আৰু বাংলাদেশৰ পৰা অসমলৈ লোক আহে তেন্তে অসমত অসমীয়া ভাষাৰ সংকট আহি পৰিব বুলিও কংগ্ৰেছী নেতা গৰাকীয়ে উল্লেখ কৰে।