NORTHEAST NOW (Assamese)
অসম

“মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলক ৭০০০ কৈ টকা” – শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 22, 2020 6:13 pm

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰে।

সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ হোষ্টেল মাছুল ৰেহাই কৰা সন্দৰ্ভত অধ্যক্ষ সকলৰ সৈতে আলোচনা কৰে বুলি জানিবলৈ দিয়ে।

জ্ঞান দীপিকা আঁচনিৰ অধীনত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলক মাহে ৭০০ টকাকৈ ১০ মাহৰ বাবে মুঠ ৭০০০ টকা আগবঢ়োৱা হ’ব বুলি হিমন্তই জানিবলৈ দিয়ে।

অহা ১০ ফেব্ৰুৱাৰিৰ পূৰ্বে ছাত্ৰ-ছাত্ৰী সকলৰ বেংক একাউণ্টত এই টকাখিনি জমা কৰোৱা হ’ব বুলি কৈ হিমন্তই পাছলৈ শিক্ষা বিভাগে এই টকাৰ পৰিমান ৭০০ টকাৰ পৰিৱৰ্তে ১৪০০ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি উল্লেখ কৰে।

এই আঁচনিখনে প্ৰাৰম্ভিক অৱস্থাত ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব বুলিও শিক্ষা মন্ত্ৰী গৰাকীয়ে কয়।