NORTHEAST NOW (Assamese)
অসম

কেৰালা-পঞ্জাৱৰ পাছত এইবাৰ ৰাজস্থান বিধানসভাতো উত্থাপিত হ’ল CAA বিৰোধী প্ৰস্তাৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 24, 2020 3:34 pm
shp_03120_gehlot

কেৰালা, পঞ্জাৱৰ পাছত এইবাৰ ৰাজস্থানে ল’লে একেই পদক্ষেপ। CAA বাতিলৰ দাবীত শুকুৰবাৰে কংগ্ৰেছ শাসিত ৰাজ্যখনৰ বিধানসভাত উত্থাপন কৰা হয় প্ৰস্তাৱ।

স্বাভাৱিকভাৱেই এই প্ৰস্তাৱৰ বিৰোধিতা কৰে ৰাজ্যখনৰ বিৰোধী দল বিজেপিয়ে। দলটোৰ বিধায়কসকলে আনকি বিধানসভাৰ বাজেট অধিৱেশনৰ পৰাও ৱাক আউট কৰে।

যোৱাটো বৰ্ষৰ ডিচেম্বৰত সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছৰে পৰা আইনখনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি প্ৰতিবাদ চলি আছে।

উক্ত আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো এলানি গোচৰ ৰুজু হৈছে।

ইতিমধ্যে কেৰালা আৰু পঞ্জাৱ বিধানসভাত সংশোধিত নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত হৈছে।

এইবাৰ কেৰালা আৰু পঞ্জাৱৰ দৰে ৰাজস্থান বিধানসভায়ো আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণৰ পদক্ষেপ ল’লে।

উল্লেখযোগ্য যে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ চলিছে। ইয়াৰ ভিতৰত কোনো কোনো ঠাইত প্ৰতিবাদে হিংসাত্মক ৰূপো লৈছে।

ইপিনে, CAA বিৰোধিতা কৰিলেও হিংসাত্মক আন্দোলনক সমৰ্থন নকৰাৰ কথা দোহাৰিছে ৰাজস্থানৰ উপ-মুখ্য মন্ত্ৰী শচীন পাইলটে।

তেওঁ কয়,’’শান্তিপূৰ্ণভাৱে বিৰোধিতা কৰা হওক। কিন্তু আন্দোলনৰ নামত হিংসাক সমৰ্থন কৰিব নোৱাৰি।‘’

আনহাতে, CAA বিৰোধী প্ৰস্তাৱ উত্থাপন অসন্তুষ্ট ৰাজস্থান বিজেপিৰ সভাপতি সতীশ পুনিয়া সৰৱ হৈ পৰিছে। তেওঁ CAA বিৰোধী প্ৰস্তাৱ উত্থাপনৰ বিৰোধিতা কৰা বুলি জানিবলৈ দিয়ে।