NORTHEAST NOW (Assamese)
অসম

কইনাই মধুচন্দ্ৰিকাত লৈ গৈছিল মাকক; পিচে পতিয়ে কইনাৰ মাককে পাতিলে বিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2020 8:38 am
pic89292929_1579500572_618x347 new

মাতৃয়ে নিজ কন্যাক প্ৰতাৰণা কৰি নিজৰ জোৱাইৰ সৈতেই পাতিলে বিয়া। ৩৪ বছৰীয়া মহিলাগৰাকীয়ে ঘটনাটোৰ প্ৰায় ১০ বছৰ পাছত এই হিয়া ভাগি যোৱা বেদনাদায়ক কাহিনীটো সদৰী কৰিছে।

লণ্ডনৰ ডিকেনহমত বাস কৰা লোৰেণ ৱালৰ বিয়াৰ দুমাহ পূৰ্ণ হোৱাৰ পূৰ্বেই এদিন স্বামীয়ে হঠাৎ ঘৰৰ পৰা গুচি গ’ল।

নিজৰ অঙহী-বঙহীৰ জৰিয়তে তাই জানিব পাৰিলে যে তাইৰ পতিয়ে তাইৰ মাকৰ সৈতে থাকিবলৈ লৈছে।

লোৰেণে প’লৰ সৈতে ২০০৪ত বিয়া পাতিছিল। মাক জুলীয়ে বিয়াত প্ৰায় ১৪ লাখ টকা খৰচ কৰিছিল।

লোৰেণ খুউব আনন্দিত হৈছিল আৰু নিজৰ মাকক মধুচন্দ্ৰিকাত লগ লৈ গৈছিল। তাই সপোনতো ভবা নাছিল যে ভৱিষ্যতে এনে কিবা ঘটিব পাৰে।

মধুচন্দ্ৰিকাৰ পৰা উভতি অহাৰ কিছুদিনৰ পাছতে জুলী আৰু প’লে একেলগে থাকিবলৈ লয়।

লোৰেণৰ মুৰৰ ওপৰত যেন বজ্ৰপাত পৰিল। যিগৰাকী মাকে তাইক ইমান মৰম কৰিছিল, সেই মাকেই তাইক প্ৰতাৰণা কৰিলে।

লোৰেণৰ বাবে ডাঙৰ আঘাতটো তেতিয়াই আহিল যেতিয়া কেইমাহমান পাছত মাক জুলীয়ে প’লৰ সন্তান জন্ম দিলে।

কেই বছৰ পাছত মাক জুলী আৰু প’লে বিয়া পাতি ল’লে। এই বিয়াত কন্যা লোৰেণো উপস্থিত হয়। এদিন তাইৰ সৈতে বিয়াৰ শপত লোৱা মানুহজনক মাকৰ সৈতে বিয়াৰ শপত লোৱা প্ৰত্যক্ষ কৰিলে।

mirror.co.uk বাতৰি অনুসৰি, মাক জুলীয়ে প্ৰথমতে সম্পৰ্কটো অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু সময়ৰ লগে লগে তেওঁ নিজৰ ভুল স্বীকাৰ কৰে।

আনহাতে, প’লে লোৰেণৰ ওচৰত কেতিয়াও ক্ষমা নিবিচাৰিলে। যিটো হৈ গ’ল তাৰ প্ৰভাৱ লোৰেণৰ ওপৰত বহুদিনলৈকে থাকিল। তাই কেতিয়াও মাকক ক্ষমা কৰিব পৰা নাই।