NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ট্ৰাক-মেজিকৰ ভয়াবহ মুখামুখি সংঘৰ্ষ; গুৰুতৰভাৱে আহত ১২ গৰাকী যাত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 25, 2020 6:52 pm
Sivsagar Accident story

শিৱসাগৰ জিলাৰ চেৰেকাপাৰত আজি সংঘটিত হোৱা ভয়াবহ পথ দুৰ্ঘটনাত ১২ গৰাকী লোক গুৰুতৰভাৱে আহত হয়।

অ’এনজিচিৰ সামগ্ৰী কঢ়িওৱা এখন ট্ৰাক আৰু যাত্ৰীবাহী মেজিকৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে যাত্ৰীবাহী মেজিকখনত থকা যাত্ৰীসকল গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত আহত হোৱা লোক কেইগৰাকী হ’ল- মংগলচন্দ্ৰ ব্ৰহ্ম(৫৬), ইয়াছমীন বেগম(১৯), পাপু ভৰালী(৪০), শান্তনু হতীমূৰীয়া(২৪), পূৰবী গগৈ(১৯), টিংকু ডেকা(৪৫), হীৰা সাহা(৪০), নৱ হাজৰিকা(৪৪), ৰছিদা বেগম(৩০), চুনু ৰাজ আৰু উৰ্মিলা সাহা।

জানিব পৰা মতে, তীব্ৰ বেগী ট্ৰাকখনে  নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড বেগেৰে আহি যাত্ৰীবাহী মেজিকখনত খুন্দা মাৰে।

ট্ৰাকৰ খুন্দাত মেজিকখনত থকা ড্ৰাইভাৰকে ধৰি প্ৰায় সকলো যাত্ৰী আহত হয় যদিও সৌভাগ্যক্ৰমে কোনো লোকৰ মৃত্যু নহ’ল।

দুৰ্ঘটনাৰ পাছতে ঘটনাত আৰক্ষীৰ দল উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত আহত লোকসকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনো জব্দ কৰে।

তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবেই পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে কয়।