NORTHEAST NOW (Assamese)
অসম

পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে এগৰাকী শিক্ষকৰ

Posted by: বিদ্যুত জ্যোতি বৰা Updated by: বিদ্যুত জ্যোতি বৰা January 27, 2020 9:42 pm
Accident

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি তিনি আলিত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী শিক্ষক নিহত হোৱাৰ লগতে এজন বাইক আৰোহী আঘাত প্ৰাপ্ত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি পুৱা প্ৰায় দহ মান বজাত কলিয়াবৰৰ পৰা চামগুৰি অভিমুখী এ এছ ০২ টি ৮৬৬৭ নম্বৰৰ বাইকখনক চামগুৰি তিনি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা এ এছ ০২ এ এ ৯৮৬৩ নম্বৰৰ এখন পালছাৰ বাইকে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় জীৱন বসুমতাৰী (৪৯) নামৰ শিক্ষক গৰাকী।

ঘটনা সংঘটিত কৰা বাইক আৰোহী শিৱস্থানৰ দিলদাৰ হুছেইনো (১৯) গুৰুতৰভাৱে আহত হয়।

পিছত স্থানীয় লোকৰ সহযোগত নিহত শিক্ষক গৰাকীক উদ্ধাৰ কৰাৰ লগতে আহত দিলদাৰক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

উল্লেখ্য যে নিহত শিক্ষক জীৱন বসুমতাৰীৰ ঘৰ কলিয়াবৰৰ উলুৱনী থানাৰ অন্তৰ্গত বেঙেনাআটিত। পুৰণা শালনাত অৱস্থিত গোঁসাই গাঁও এল পি স্কুলত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত আছিল।

আজি বসুমতাৰীই নিষ্ঠাৰ প্ৰশিক্ষণ ল’বলৈ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিছিল।

আনহাতে শিক্ষক জীৱন বসুমতাৰী কলিয়াবৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাংগঠনিক সম্পাদক পদতো কাৰ্যনিবাহ কৰি আছিল।

মৃত্যুক আকোঁৱালি লোৱা বসুমতাৰীয়ে দুগৰাকী কন্যা, এজন পুত্ৰ আৰু পত্নীক এই সংসাৰত এৰি থৈ যায়।

ইতিমধ্যে নগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰি শিক্ষকগৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়া বুলি চামগুৰি আৰক্ষীয়ে জনায়।

সাংবাদিক পৰিষদৰ অসম, নগাঁও জিলা সমিতিয়ে নিষ্ঠাবান শিক্ষক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা প্ৰকাশ কৰিছে বুলি জিলা সমিতিৰ সভাপতি-সম্পাদকে জানিবলৈ দিয়ে।