NORTHEAST NOW (Assamese)
অসম

ফিল্মফেয়াৰ-২০২০ বর্জনৰ আহ্বান শিল্পী, সাংবাদিক, বুদ্ধিজীৱী সমাজৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 28, 2020 8:10 pm
Vimal_Filmfare_Awards_2019

১৬ ফেব্ৰুৱাৰিত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া ফিল্মফেয়াৰ বঁটা ২০২০-ৰ বাবে অসম পৰ্য্যটন বিভাগে যো-জা চলাই থকাৰ সময়তে অসমৰ বোলছবি জগত, সংগীত জগত, নাট্য সমাজ, বুদ্ধিজীৱী সমাজ, নাগৰিক সমাজ আদিয়ে ইয়াৰ বিৰোধিতা কৰিছে।

মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাই কয়, “কা-বিৰোধী আন্দোলনৰ সময়ত এনে অনুষ্ঠান পতাটো দুৰ্ভাগ্যজনক। বাৰীৰ পিছফালে শ এটা থৈ ভোজ-ভাত খোৱাৰ দৰে কাম কৰিছে চৰকাৰে। ফিল্মফেয়াৰ মেগাজিন আজিৰ তাৰিখত মৃতপ্ৰায়, দেশত কোনো ৰাজ্য চৰকাৰে ফিল্মফেয়াৰ বঁটা প্ৰদান স্প’নছৰ কৰাৰ নজিৰ নাই”।

বৰবৰাৰ মতে এই অনুষ্ঠান পাতি বণিয়া গোষ্ঠীটোৱে অসমৰ পৰা ২০০ কোটি লৈ যাব। কোনো সুস্থ সংস্কৃতিৰ পৰিৱৰ্তে সস্তীয়া গীত-নৃত্যৰ অনুষ্ঠানেৰে ফিল্মফেয়াৰ বঁটা ২০২০ অনুষ্ঠিত কৰা হ’ব।

ইপিনে, টাইমছ অব ইণ্ডিয়াই টিকটৰ পৰা সংগৃহীত ধনৰ এটা অংশ মুখ্য মন্ত্ৰীৰ পুঁজিলৈ দিব বুলি উল্লেখ কৰা প্ৰসংগ টানি তেওঁ লগতে কয়, “কিন্তু সস্তীয়া অনুষ্ঠানৰ ধন কিয় ল’ব লাগে মুখ্য মন্ত্ৰীয়ে? বিজতৰীয়া সংস্কৃতিৰ জৰিয়তে সংগৃহীত ধন মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ যাব।”

“অসম-ভাৰতৰ সংস্কৃতিৰ বাহক নহয় ফিল্মফেয়াৰ অনুষ্ঠান। এই অনুষ্ঠান চৰকাৰে বৰ্জন কৰিব লাগে। শান্তিপূৰ্ণভাৱে, গণতান্ত্ৰিকভাৱে এই অনুষ্ঠান অসমৰ ৰাইজে বৰ্জন কৰিব লাগে”, চৰকাৰ আৰু জনসাধাৰণলৈ আহ্বান জনাই বৰবৰাই কয়।

আনহাতে, একেখন সংবাদমেলত উপস্থিত থাকি জনপ্ৰিয় অভিনেতা ৰবি শর্মাই কয়, “কা-বিৰোধী আন্দোলনত মৃত্যু হোৱা পাঁচটাকৈ শ আমি দেখা পোৱা বেছিদিন হোৱা নাই। আমি শোকস্থিতিত আছো, গতিকে এনে অনুষ্ঠান অনুষ্ঠিত হোৱাটো কামনা নকৰো। শিল্পী হিচাপে আমি চৰকাৰী ৰি-প্ৰেজেনটেটিভ নহয় বা মানুহৰ ৰি-প্ৰেজেনটেটিভ নহয়, আমি একো একোটা সত্ত্বা।”

এই ফ্লিমফেয়াৰ অনুষ্ঠান অসমৰ বাবে নহয় বুলি দাবী কৰি শৰ্মাই লগতে কয়, “চৰকাৰে কেইদিনমান পূৰ্বে ধঁপাত নিৰ্মূলৰ বাবে এটা নীতি লৈছিল। কিন্তু এই এৱাৰ্ড অনুষ্ঠানত ধৰমপাল সত্যপাল গ্ৰুপে প্ৰস্তুত কৰা গুটখাৰ বিজ্ঞাপন দিব। চৰকাৰৰ এই স্ব-বিৰোধী নীতি আমি বেয়া পাইছো।”

তদুপৰি, সংবাদমেলত উপস্থিত থকা জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদে কয়, “ফ্লিমফেয়াৰ অনুষ্ঠানত অসমৰ শিল্পী সমাজৰ অংশগ্ৰহণ নাথাকে। কাৰণ এই অনুষ্ঠানত অসমৰ শিল্পীক কোনো অগ্ৰাধিকাৰ দিয়া নহয়। অসমৰ শিল্পী সমাজলৈ আমন্ত্ৰণ হয়তো জনাব, কিন্তু ৰেড কাৰ্পেটৰ ওচৰত ৰাখিব। ফ্লিমফেয়াৰত অসমৰ শিল্পীক ডান্স কৰিব নিদিয়ে।”