NORTHEAST NOW (Assamese)
অসম

ৰঞ্জি ট্ৰফী ২০১৯-২০; ওড়িশাৰ বিৰুদ্ধে পৰাজয়ৰ গৰাহত অসম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 29, 2020 5:13 pm
Ranji Match

ওড়িশাৰ কটকৰ ড্ৰীমছ গ্ৰাউণ্ডত চলি থকা ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ ‘চি’ৰ এখন খেলত ওড়িশাৰ বিৰুদ্ধে ইনিংছ ব্যৱধানত পাছপৰিছে অসম।

ওড়িশাৰ প্ৰথম ইনিংছৰ ৪৩৬ ৰানৰ প্ৰত্যুত্তৰত অসমে মাত্ৰ ২৩৮ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰি ফল’অনৰ সন্মুখিন হয়।

অসমৰ হৈ প্ৰথম ইনিংছত বেগী বলাৰ ৰঞ্জিত মালীয়ে সৰ্বাধিক ৫৯ ৰান কৰাৰ লগতে কুনাল শইকীয়াই ৫২ আৰু ৰিয়ান পৰাগে ৪৩ ৰানৰ বৰঙণি যোগায়।

ওড়িশাৰ হৈ বলিঙত দেৱব্ৰত প্ৰধানে ৪ টা, অভিষেক ৰাউটে ২ টা আৰু ৰাজেশ মহান্তি, বসন্ত মহান্তি আৰু সূৰ্য্যকান্ত মহান্তিয়ে এটাকৈ উইকেট দখল কৰে।

ফল’অনৰ সন্মুখিন হোৱা অসমে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি তৃতীয় দিনৰ খেল সামৰণি পৰালৈকে কোনো উইকেট নেহেৰুৱাকৈ ১০২ ৰান সংগ্ৰহ কৰিছে।

দ্বিতীয় ইনিংছত সুভম মণ্ডলে ৪০ আৰু কুনাশ শইকীয়াই ৬২ ৰান কৰি বেটিং কৰি আছে।

অসমে বৰ্তমানো ৯৬ ৰানত পাছ পৰি আছে।

উল্লেখযোগ্য যে, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰঞ্জি ট্ৰফীৰ বিগত খেলখনত অসম মহাৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰিও ২১৮ ৰানৰ বিশাল ব্যৱধানত পৰাজিত হৈছিল।