NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবত হ্ৰাস পাব সেনাৰ সংখ্যা; স্থল সেনা প্ৰধানে দিলে ইংগিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 29, 2020 6:58 pm
Indian Army

কেন্দ্ৰ চৰকাৰৰ সৈতে উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠন সমূহৰ শান্তি আলোচনা অনুষ্ঠিত হৈ থকাৰ পাছত ভাৰতীয় স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে অতিশীঘ্ৰে উত্তৰ-পূবৰ পৰা সেনাৰ অতিৰিক্ত বাহিনীসমূহ কৰ্তন কৰা হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে।

সংবাদমাধ্যমৰ সন্মুখত নাৰাভানে অহিবলগীয়া বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চমুকৈ বিটিআৰ-ৰ নিৰ্বাচনৰ পাছতে উত্তৰ-পূবৰ পৰা অতিৰিক্ত সেনা কৰ্তন কৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

উত্তৰ-পূবৰ আভ্যন্তৰীণ বিদ্ৰোহ দমনৰ বাবে নিয়োজিত হৈ থকা অতিৰিক্ত সেনা কৰ্তন কৰি ভাৰতীয় সেনা বাহিনীয়ে পৰম্পৰাগত যুদ্ধৰ বাবে সেনা নিয়োজিত কৰাৰ প্ৰক্ৰিয়াক অধিক অগ্ৰাধিকাৰ দিব।

উল্লেখযোগ্য যে, দীৰ্ঘ সময়ৰ পৰা উত্তৰ-পূবত বিদ্ৰোহী সংগঠন সমূহতে বিভিন্ন দাবীত চৰকাৰৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লৈছিল।

নাগালেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক নাগা শান্তি চুক্তি কেন্দ্ৰ চৰকাৰে সমাপ্ত কৰিছে বুলি জানিব পৰা গৈছে।

সমগ্ৰ উত্তৰ-পূবত বিদ্ৰোহীৰ সংখ্যা হ্ৰাস পালে অঞ্চলটোৰ পৰা সেনাৰ সংখ্যাও হ্ৰাস পাব বুলি স্পষ্ট ইংগিত দিয়ে ভাৰতীয় স্থল সেনাৰ মুৰব্বী গৰকীয়ে।