NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত ছাত্ৰ-ছাত্ৰীক লৈ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ বিশেষ কৰ্মশালা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 30, 2020 2:46 pm
workshop

কেন্দ্ৰীয় চৰকাৰৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ গুৱাহাটী কাৰ্যালয়ৰ উদ্যোগত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক বিশেষ কৰ্মশালা অনুষ্ঠিত কৰা হয়৷

কাজিৰঙাৰ কাষৰীয়া অঞ্চলৰ চাৰিখন বিদ্যালয়ৰ নিৰ্বাচিত ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত বন্যপ্ৰাণী সংৰক্ষণ, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণৰ ওপৰত সচিত্ৰ উপস্থাপনেৰে ছাত্ৰ ছাত্ৰীক দেখুওৱাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো দেখুওৱা হয়৷

কৰ্মশালাত কাজিৰঙাৰ সঞ্চালক পি শিৱ কুমাৰ, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ গুৱাহাটী কাৰ্যালয়ৰ বিষয়া কে কে শৰ্মা, কাজিৰঙাৰ সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰা, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, কহঁৰাৰ বনাঞ্চলিক বিষয়া চেলিম আহমেদ আৰু ৰাইজিং চান বিদ্যালয়ৰ অধ্যক্ষ দেৱাশীষ বৰুৱা উপস্থিত থাকে৷

সঞ্চালক পি শিৱকুমাৰে কাজিৰঙাই নহয় সকলো স্থানতে বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায়৷

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন ব্যুৰোৰ কে কে শৰ্মাই বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণৰ লগতে ব্যুৰোৰ কাম-কাজৰো সবিশেষ ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰে৷