NORTHEAST NOW (Assamese)
অসম

ভোমোৰাগুৰি মিচিংগাঁৱত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক January 31, 2020 6:32 pm
Tiger attack story

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত জগদুৱাৰ ভোমোৰাগুৰি মিচিং গাঁৱত শুকুৰবাৰে বিয়লি এখন হাবিৰ পৰা হঠাৎ ওলাই অহা এটা বাঘে বিপুলানন্দ টায়ে নামৰ এজন লোকক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত  কৰে।

জানিব পৰা মতে, ব্যক্তি গৰাকীয়ে ঘৰৰ বাৰীৰ নিচেই কাষৰ পথাৰত থকা গৰু চাবলৈ যাঁওতেই বাঘে এই আক্ৰমণ কৰে ৷

ব্যক্তিগৰাকীয়ে অতি কৌশলেৰে নিজৰ বুকু আৰু মুখ ৰক্ষা কৰে যদিও পিঠি আৰু বাঁওহাতত  আক্ৰমণ কৰে বাঘটোৱে ৷

আহত ব্যক্তিগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁক আক্ৰমণ কৰা বাঘটো এটা কুকুৰনেচীয়া বাঘ বুলি সন্দেহ কৰিছে ৷

অঞ্চলবাসীৰ মতে পূৰ্বেও অঞ্চলটোত এটা কুকুৰনেচীয়া বাঘে জীৱ জন্তুৰ অনিষ্ট কৰি আহিছিল যদিও সেইটো কুকুৰ বুলি সন্দেহ কৰা হৈছিল ৷

ব্যক্তিগৰাকী বাতৰি যুগুতোৱা পৰ্যন্ত টীয়ক এফ আৰ ইউ ত চিকিৎসাধীন হৈ আছে৷ ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে l