NORTHEAST NOW (Assamese)
অসম

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে প্রাক্তন আৰক্ষী বিষয়া পল্লৱ ভট্টাচাৰ্য্যক নিযুক্তি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 31, 2020 7:15 pm
PallabBhattacharya

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যক নিযুক্তি দিয়া হৈছে।

অসম লোকসেৱা আয়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অনুপম ৰয়ৰ স্থানত ভট্টাচাৰ্য্যক নিযুক্তি দিয়া হৈছে।

মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ এক সুত্ৰই প্ৰকাশ কৰিছে এই তথ্য।

ইয়াৰোপৰি ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া সঞ্জীৱ গোহাঁই বৰুৱা আৰু এছ বি দেওৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ নিৰঞ্জন কলিতাক আয়োগৰ সদস্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

উল্লেখযোগ্য যে, পল্লৱ ভট্টাচাৰ্য্য ১৯৮৬ বেট্ছৰ ভাৰতীয় আৰক্ষী সেৱাৰ কেডাৰ হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ ২০১৯ চনৰ জানুৱাৰি মাহত আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে অসৱৰ গ্ৰহণ কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে ১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈ ভট্টাচাৰ্যই বজালী মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰিছিল।

১৯৮৫ চনৰ পৰা ১৯৯৬ চনলৈকে তেওঁ অ’ এন জি চিৰ চাকৰিতো নিয়োজিত হৈছিল গুজৰাটত। তাৰ পিছত আই পি এছ হিচাপে প্ৰথমে হাইলাকান্দিত মহকুমা আৰক্ষী বিষয়া হিচাপে নিয়োজিত হৈছিল।