NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় বাজেটত শনিবাৰে কি কাৰণে উত্থাপিত হ’ল অসমৰ শিৱসাগৰৰ নাম?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 1, 2020 1:07 pm
4376009050_2223b963bc_b

শনিবাৰে সংসদত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰে।

কৃষি আৰু শিক্ষাক অগ্ৰাধিকাৰ দি উত্থাপন কৰা এইবাৰৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূবৰ কৃষকৰ বাবে কিষান ৰেইলৰ কথাও কোৱা হৈছে।

আনহাতে, গুৰুত্বপূৰ্ণ কথাটো হ’ল পৰ্যটনৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় বাজেটত দেশৰ পাঁচটা প্ৰত্নতাত্ত্বিক স্থানক বিকশাই তোলাৰ প্ৰস্তাৱ ৰখা হৈছে।

উক্ত প্ৰত্নতাত্ত্বিক স্থানত মিউজিয়াম স্থাপন কৰা কৰা হ’ব। বাজেটত প্ৰস্তাৱ ৰখা পাঁটটা প্ৰত্নতাত্বিক স্থানৰ মাজত আছে হাৰিয়ানাৰ ৰাখী গাডী, উত্তৰ প্ৰদেশৰ হস্তিনাপুৰ, গুজৰাটৰ ঢোলাভিৰা, অসমৰ শিৱসাগৰ আৰু তামিলনাডুৰ আদিচানাল্লুৰ।

আনহাতে, ঝাৰখণ্ডৰ ৰাঁচীত এটা জনজাতীয় মিউজিয়াম স্থাপন কৰা হ’ব।

এই সকলোবোৰ কামৰ কাৰণে ২১’ বিত্তীয় বৰ্ষত সাংস্কৃতিক মন্ত্ৰালয়ৰ বাবে মুঠ ৩,১০০ কোটি টকা আছুতীয়াকৈ ৰখা হৈছে।

২০২৪ৰ ভিতৰত উড়ানৰ অধীনত ১০০খন বিমানবন্দৰ উন্নত কৰি তোলা হ’ব।

আগন্তুক বিত্তীয় বৰ্ষত পৰ্যটনৰ উন্নয়নৰ বাবে মুঠ ২,৫০০ কোটি টকা আৱন্টন দিয়া হৈছে।